সাংবাদিক মনোজ কুমাৰ গোস্বামীক আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 3:36 PM IST

thumbnail

ডিব্ৰুগড়, 26 ফেব্ৰুৱাৰী : ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ এটা ফেচবুক পোষ্টে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত । আহোম জনগোষ্ঠীৰ ৰাজ শাসনক লৈ বিতৰ্কিত মন্তব্য কৰি আহোমসকলৰ ৰোষত পৰিছে সাংবাদিক মনোজ গোস্বামী ৷ আহোমসকলক নৃশংস বুলি কৰা মন্তব্যক লৈ জ্যেষ্ঠ সাংবাদিক গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে টাইপা । আহোম সকলৰ ওচৰত শীঘ্ৰে ক্ষমা খোজাৰ দাবী টাইপাৰ ।

মৰাণত সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে । জ্যেষ্ঠ সাংবাদিকগৰাকীক হালধীয়া সাংবাদিক আখ্যা টাইপাৰ । অতি শীঘ্ৰে আহোম জনগোষ্ঠীৰ ওচৰত মনোজ কুমাৰ গোস্বামীয়ে ক্ষমা নুখুজিলে বল প্ৰয়োগ কৰিও ক্ষমা খোজাব টাইপাই । লগতে কাৰ্যালয় ঘেৰাও কৰাৰো হুংকাৰ টাইপাৰ ৷

লগতে পঢ়ক : আহোমসকলক জনগোষ্ঠীকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.