৫ মাৰ্চত জনজাতিকৰণৰ দাবীত টাইপাই স্তব্ধ কৰিব উজনি অসম

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 9:19 PM IST

thumbnail

মৰাণ, ২৬ ফেব্ৰুৱাৰীঃ জনজাতিকৰণৰ প্ৰতাৰণাৰ প্ৰতিবাদত টাইপাই ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী । টাইপাৰ আন্দোলনৰ কাৰ্যসূচীত অহা ৫ মাৰ্চত স্তব্ধ হৈ পৰিব উজনি অসম । আজি মৰাণৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰিছে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই । টাই আহোমক জনজাতিকৰণৰ দাবীত অহা ৫ মাৰ্চত ২ ঘন্টীয়া ঘাইপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে টাইপাই ।

উজনি অসমৰ যোৰহাট-শিৱসাগৰ ঘাইপথ, শিৱসাগৰ-ডিব্ৰুগড় ঘাইপথ, ডিব্ৰুগড়-তিনিচুকীয়া ঘাইপথ আৰু ধেমাজি-লক্ষীমপুৰ ঘাইপথৰ চাৰিটা স্থানত এই কাৰ্যসূচী লোৱা হ'ব বুলি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ নেতা বিজয় ৰাজকোঁৱৰে সংবাদমেলত ঘোষণা কৰিছে । কেৱল ইমানেই নহয়, শীঘ্ৰে জনজাতিকৰণ নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে আদি কৰি কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীক অসমত প্ৰৱেশত বাধা দিব টাইপাই । উক্ত সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদককে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:জনজাতিকৰণৰ স্বীকৃতি প্ৰদান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ আটাছুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.