জনজাতিকৰণৰ স্বীকৃতি প্ৰদান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ আটাছুৰ - বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ
🎬 Watch Now: Feature Video


Published : February 26, 2024 at 3:49 PM IST
গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান আৰু উজনি অসমত স্বায়ত্তশাসন প্ৰৱর্তনৰ ব্যৱস্থা কৰাৰ দাবীত সোমবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সদৌ অসম টাই আহোম ছাত্র সন্থাৰ উদ্যোগত আজি দিনৰ 11 বজাৰ পৰা মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ।
উল্লেখ্য যে, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰা হ’ব বুলি উল্লেখ থকাৰ পিচতো আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ নকৰাৰ আক্ষেপ প্ৰকাশ কৰে ৷ তাৰ পিচতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰি পথৰ মাজত বহি চৰকাৰবিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদৰ অন্তত আটাছুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । অচিৰেই টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান নকৰিলে ভোট বৰ্জন কৰাৰো হুংকাৰ পদিয়ে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: জয়পুৰৰ তাঁতী পথাৰত চুৰি গৰুসহ গো মাংস জব্দ; পলাতক অভিযুক্ত