ETV Bharat / state

জয়পুৰৰ তাঁতী পথাৰত চুৰি গৰুসহ গো মাংস জব্দ; পলাতক অভিযুক্ত

Beef Seized : ডিব্ৰুগড় জিলাৰ জয়পুৰত চুৰি গৰু আৰু গো মাংস জব্দ কৰিলে ৰাইজে ৷ ইফালে অঞ্চলটোত গৰু চুৰিৰ ঘটনা বৃদ্ধি পোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

Beef Seized
গৰুৰ চোৰাং বেহা
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 8:49 PM IST

2 Min Read
Choose ETV Bharat
ৰাইজৰ অভিযানত চুৰি গৰুসহ গো মাংস জব্দ

ডিব্ৰুগড়, 25 ফেব্ৰুৱাৰী : চৰকাৰীভাৱে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পিচতো ৰাজ্যত এতিয়াও চলি আছে গৰুৰ চোৰাং বেহা, লগতে চলি আছে গো মাংসৰ ৰমৰমীয়া বেহা ৷ আৰক্ষীৰ চকুত ধূলি দি নিশাৰ আন্ধাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চোৰাংকৈ সৰবৰাহ হৈ আছে গৰু ৷ লগতে বৃদ্ধি পাইছে গৰু চুৰিৰ সংখ্যাও ৷

ডিব্ৰুগড় জিলাৰ জয়পুৰত আৰক্ষীক লাজত পেলাইছে চোৰে ৷ কেইটামান দিনৰ পূৰ্বে স্বয়ং জয়পুৰ আৰক্ষীৰ গৰু চুৰ কৰিলে চোৰে ৷ ইয়াৰ মাজতে শনিবাৰে নিশা থানাখনৰ অধীনৰ তাঁতী পথাৰৰ বিজু আলি নামৰ লোকজনৰ ঘৰত স্থানীয় লোকে এটা চুৰি গৰু জব্দ কৰাৰ লগতে উদ্ধাৰ কৰে গো মাংস ৷ স্থানীয় লোকে অভিযান চলাই জব্দ কৰে এই গো মাংস ৷

উল্লেখ্য যে এই ঘটনাত জড়িত বুলি স্থানীয় লোকে হেনা বেগম নামৰ এগৰাকী মহিলাৰ লগতে, ভাইটি আলি, মাতাব আলি আৰু তাজু আলি নামৰ 4 গৰাকী লোকৰ নাম উল্লেখ কৰিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত কৰায়ত্ত কৰিব পৰা নাই এটাও অভিযুক্তক ৷ ইফালে 22 ফেব্ৰুৱাৰীৰ নিশা জয়পুৰ অঞ্চলৰ নিবাসী তথা জয়পুৰ থানাৰে এগৰাকী কনিষ্টবলৰ ঘৰৰ পৰা গৰু চুৰিৰ ঘটনা সংঘটিত হয় ৷

এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছিল অঞ্চলটোত ৷ এই ঘটনাই যথেষ্ট লাজত পেলোৱাত জয়পুৰ আৰক্ষীয়ে তৎক্ষণাত অভিযান চলাই চুৰি গৰুটো উদ্ধাৰ কৰাৰ লগতে চুৰি কাণ্ডৰ লগত জড়িত জয়পুৰ চাহ বাগিচাৰ অমিৰ লোহাৰ ওৰফে বুধু ওৰফে অমৃত তাঁতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : বাংলাদেশলৈ চোৰাংভাৱে ম’বাইল সৰবৰাহৰ অভিযোগত ব্যৱসায়ীক গ্ৰেপ্তাৰ