জনজাতিকৰণৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ টাইপাৰ

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 8:15 PM IST

thumbnail

মৰাণ,৫ মাৰ্চ : পুনৰ ৰাজপথলৈ ওলাই আহিল টাই আহোম যুৱ পৰিষদ অসম (টাইপা) । লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰিছে টাই-আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠনটোৱে । মঙলবাৰে টাইপাই মৰাণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰক তেওঁলোকৰ দাবীৰ কথা স্মৰণ কৰি দিয়ে । টাই আহোমসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, টাই আহোমসকলক স্বায়ত্ত শাসন প্ৰদান কৰা আৰু সুকীয়া আহোমলেণ্ডৰ দাবীত সংগঠনটোৱে এই পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিচতো কটকটীয়া নিৰাপত্তা বেষ্টনী অতিক্ৰম কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে । টাইপাৰ ডিব্ৰুগড় আৰু চৰাইদেউ জিলা, মৰাণ মহকুমা আৰু নাহৰকটীয়া মহকুমা সমিতিৰ উদ্যোগত লোৱা এই কাৰ্যসূচীত দুই শতাধিক টাইপাৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । ইফালে এই পথ অৱৰোধৰ ফলত ঘাইপথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । প্ৰতিবাদী কাৰ্যসূচীত টাইপা কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইকে ধৰি কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :কা বাতিলৰ দাবী: লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.