পুনৰ ৰাজ্যসভাৰ নিৰ্বাচনত সুস্মিতা দেৱ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 9:04 PM IST

thumbnail

শিলচৰ, 12 ফেব্ৰুৱাৰী : তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱক পুনৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিচতে বৰাক উপত্যকাত আনন্দৰ বন্যা বৈছে ৷ সোমবাৰে শিলচৰ জিলা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত কৰ্মীসকলে সুস্মিতা দেৱক উষ্ম আদৰণি জনায় । 

সুস্মিতা দেৱে কৰ্মীসকলক সম্বোধি কয় যে, তেওঁ অসম আৰু মেঘালয়ৰ আসন পূৰণ কৰিছে ৷ তেওঁৰ বাহিৰে অন্য় কোনেও আসন বিচৰা নাছিল ৷ অসম আৰু মেঘালয়তহে তৃণমূল কংগ্ৰেছ দল আছে । নগাঁও, বৰপেটা, কলিয়াবৰ এই আটাইকেইটা সমষ্টিতে আসন বিচৰা নাই তৃণমূল কংগ্ৰেছে । আগন্তুক লোকসভা নিৰ্বাচনত অকলে যুঁজিব তৃণমূল কংগ্ৰেছে । কংগ্ৰেছে অস্তিত্বৰ যুঁজত নিজৰ অস্তিত্ব হেৰুৱাইছে ।

সুস্মিতা দেৱে লগতে কয় যে, 2019 চনত কংগ্ৰেছ দলে তৃতীয় স্থান লাভ কৰা আসনতেই তৃণমূল কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব । যদি আসনৰ ক্ষেত্ৰত বিবাদ হয় তেন্তে ইয়াৰ কোনোধৰণৰ প্ৰভাৱ I.N.D.I মিত্ৰজোঁটত নপৰে ।

লগতে পঢ়ক : অসম বাজেট ২০২৪-২৫ : কেৱল হিতাধিকাৰী সৃষ্টি কৰা বাজেট; অখিল গগৈৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.