ETV Bharat / state

অসম বাজেট ২০২৪-২৫ : কেৱল হিতাধিকাৰী সৃষ্টি কৰা বাজেট; অখিল গগৈৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 6:01 PM IST

বাজেট সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া
বাজেট সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

Akhil Gogoi Reacted on Budget : বাজেটক লৈ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া । জীৱনত দেখা আটাইতকৈ গতানুগতিক বাজেট । অসমৰ অৰ্থনীতি সলাব পৰা একো নাই এই বাজেটত । ধৰ্মীয় কাম-কাজৰ বাবে উৎসাহ দিয়া হৈছে বাজেটত । বিত্ত মন্ত্রীৰ কোনো স্বতন্ত্ৰতা নাই । মুখ্যমন্ত্ৰীৰ কথাকে বাজেটত কোৱা হৈছে ।

বাজেট সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : বিত্ত মন্ত্রী অজন্তা নেওগে সোমবাৰে বিধানসভাত দাখিল কৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটক কেৱল হিতাধিকাৰী সৃষ্টি কৰা বাজেট আখ্যা দিছে বিধায়ক অখিল গগৈয়ে । বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে এইখন বাজেটে অসমৰ প্ৰকৃত অৰ্থনৈতিক উন্নয়ন সাধিব নোৱাৰে ।

এইখন তেওঁৰ জীৱনত দেখা আটাইতকৈ গতানুগতিক বাজেট বুলি উল্লেখ কৰি তেওঁ কয় যে এইখন বাজেটত পুৰণা কথাবোৰেই সুমুৱাই দিয়া হৈছে । অসমৰ অৰ্থনীতি সলাব পৰা একো নাই বাজেটত । অসমৰ পথাৰত বাৰ মাহে খেতি কৰিবলৈ কিমান পানী যোগান ধৰা হ'ব সেই সম্পৰ্কে কোনো নিৰ্দেশনা নাই বাজেটত ।

বাজেটত অসমৰ গাঁৱে গাঁৱে সৰু সৰু উদ্যোগ গঢ়িবলৈ একো কৰাৰ কথা নাই বুলি সদৰী কৰি তেওঁ কয় যে বাজেটত আছে কেৱল ধৰ্মীয় স্থানৰ সাহায্য, আত্মসহায়ক গোট, হিতাধিকাৰী আঁচনিৰ কথা । বাজেটত পৰ্যটনৰ বিকাশৰ বাবে একো নিদিলে । চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ব্যৱসায় কৰিবলৈ একো নাই এই বাজেটত । ধৰ্মীয় কাম-কাজৰ বাবে উৎসাহ দিয়া হৈছে বাজেটত । মহিলা আৰু শিক্ষাৰ্থীৰ অৰ্থনৈতিক আৰু মানসিক বিকাশৰ বাবে কাম কৰিব লাগিছিল বুলি সদৰী কৰি তেওঁ কয় যে স্কুটী দিলে শিক্ষাৰ্থীৰ কি বিকাশ হ'ব ।

এই বাজেটৰ পৰা অসমবাসীয়ে পাবলগীয়া একো নাই বুলি সদৰী কৰি তেওঁ কয় যে বিত্ত মন্ত্রীৰ ইয়াত কোনো স্বতন্ত্ৰতা নাই । আনহাতে, মুখ্যমন্ত্ৰীৰ কথাকে বাজেটত কোৱা হৈছে বুলি তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয় যে নিবনুৱা সমস্যাৰ সমাধান, মূল্যবৃদ্ধি ৰোধৰ বাবে একো ব্যৱস্থা লোৱা হোৱা নাই এই বাজেটত ।

লগতে পঢ়ক :হিতাধিকাৰী আঁচনিৰে কোনো চৰকাৰে কোনো ভাল বাজেট দিব নোৱাৰে: বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.