জোনাইত অচিনাকী ব্যক্তিয়ে চলালে তাণ্ডৱ

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 1:24 PM IST

thumbnail

জোনাই, ৩ জানুৱাৰী: জোনাইৰ ৰাংকপ তিনিআলিত আজি পুৱাই এজন অচিনাকী ব্যক্তিয়ে দোকানে দোকানে সৃষ্টি কৰিলে এক তাণ্ডৱ । শনিবাৰে পুৱাই ৰাংকপ তিনিআলিস্থিত এখন হোটেলত এজন অচিনাক্ত ব্যক্তিয়ে চাহ খোৱাৰ চলেৰে প্ৰৱেশ কৰি হোটেলৰ সা-সামগ্ৰী ইফালে-সিফালে দলিওৱাৰ লগতে মহিলাৰ গাত হাত দিবলৈ চেষ্টা কৰে ।

এই ঘটনাৰ পিচতে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ ল’ৰাজনক সোধ-পোচা কৰে যদিও তেওঁ কোনো কথাই কোৱা নাই । ইফালে, ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জোনাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনক জোনাই আৰক্ষী থানালৈ লৈ যায় । পৰিয়াল অথবা কোনো সদাশয় ব্যক্তিয়ে লোকজনক চিনি পালে জোনাই আৰক্ষী থানাত খবৰ কৰি উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে ।

লগতে পঢ়ক:ধুবুৰীত ১৫ টা পৰিভ্ৰমী চৰাই জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.