ETV Bharat / state

ধুবুৰীত ১৫ টা পৰিভ্ৰমী চৰাই জব্দ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 12:40 PM IST

Smuggling of migratory birds :শীতকালত ব্ৰহ্মপুত্ৰৰ বুকুৰ সৌন্দৰ্য বৰ্ধন কৰি অহা দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ আলহী পক্ষী দুষ্ট চক্ৰই গোপনে বিক্ৰী কৰি আহিছে । দুষ্ট চক্ৰই একপ্ৰকাৰ নিধন যজ্ঞ চলাইছে পৰিভ্ৰমী চৰাই ।

Smuggling of migratory birds
পৰিভ্ৰমী চৰাইয়ে আহি ভৰিৰে ধুবুৰী
পৰিভ্ৰমী চৰাইয়ে আহি ভৰিৰে ধুবুৰী

ধুবুৰী, ৩ ফেব্ৰুৱাৰী : প্ৰতি বছৰে শীতকালত দেশ- বিদেশৰ পৰা অহা বিভিন্ন পৰিভ্ৰমী চৰাইয়ে আহি ভৰি পৰে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকু । কিন্তু একাংশ দুষ্ট চক্ৰই এফালৰ পৰা নিধন কৰি গৈছে সৌন্দৰ্যৰ প্ৰতীক পৰিভ্ৰমী চৰাইবোৰ । ইয়াৰ মাজতেই শুকুৰবাৰে নিশা ধুবুৰী আৰক্ষীয়ে জব্দ কৰি বন বিভাগক গতালে ১৫ টাকৈ পৰিভ্ৰমী চৰাই ।

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত নামি পৰিছে একাংশ দুষ্ট চক্ৰ । এই দুষ্ট চক্ৰই লুইতৰ বুকু অথবা বালি চৰৰ সৌন্ধৰ্যৰ প্ৰতীক হৈ পৰা বিভিন্ন পৰিভ্ৰমী চৰাইবোৰ এফালৰ পৰা নিধন কৰি গৈছে । প্ৰতি বছৰৰ শীতকালত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভিন্ন প্ৰজাতিৰ আলহী পক্ষীৰে ভৰি পৰে ৰাজ্য়ৰ নদ-নদী, খাল বিল আদি ।

একেদৰে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুও ভৰি পৰে বিভিন্ন আলহী পক্ষীৰে । কিন্তু একাংশ দুষ্ট চক্ৰই বিভিন্ন প্ৰকাৰৰ জাল পাতি এনে আলহী পক্ষীবোৰ ধৰি গোপনে বিক্ৰী কৰিছে চোৰাং বজাৰত । নিশা ধুবুৰীৰ নিউঘাট অঞ্চলত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ১৫ টাকৈ পৰিভ্ৰমী চৰাই ।

ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা ধৰি চৰাই কেইটা বিক্ৰীৰ বাবে ৰখা হৈছিল ধুবুৰীৰ নিউঘাট অঞ্চলৰ জাহাংগীৰ নামৰ এজন লোকৰ ঘৰত । ধুবুৰী আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই পৰিভ্ৰমী চৰাই কেইটা জব্দ কৰে । পিচত আৰক্ষীয়ে ধুবুৰী বন বিভাগক পৰিভ্ৰমী চৰাই কেইটা বন বিভাগৰ হাতত গতাই দিয়ে ।

আজি পুৱাৰ ভাগত পৰিভ্ৰমী চৰাই কেইটাক পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত মুকলি কৰি দিয়ে ধুবুৰী বন বিভাগে । উল্লেখ্য যে আৰক্ষীয়ে অভিযান চলাই আলহী পক্ষী কেইটা জব্দ কৰে যদিও চোৰাং বেপাৰী আৰু পক্ষী নিধনকাৰী কাকো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক : গুৰুজনাৰ সৃষ্টিৰ দিশটোক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰৰ কৰাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.