অসম সাহিত্য সভাৰ বাৰ্ষিক বিশেষ অধিৱেশনৰ বাবে উখল-মাখল বাৰপূজীয়া

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 4:00 PM IST

thumbnail

ৰহা, ২৮ জানুৱাৰী : অহা ৩১ জানুৱাৰী, ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ অধিৱেশন । এতিয়া এই অধিৱেশনক লৈ ব্যস্ত সকলো । বাৰপূজীয়া পাঁচোৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা অধিৱেশনক লৈ চলিছে পূৰ্ণ প্ৰস্তুতি । আদৰণি সমিতিয়ে উল্লেখ কৰা মতে, একেলগে দহ হাজাৰ লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে মূল সভামণ্ডপ । একেলগে পোন্ধৰ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয় গৃহ ।  

অসমৰ বিভিন্ন সংস্কৃতিৰ প্ৰয়োভৰৰে নিৰ্মাণ কৰা হৈছে বৃহৎ আকাৰৰ মূল প্ৰৱেশদ্বাৰ । লগতে আছে বৃহৎ এলেকাজোৰা বাণিজ্য মেলা । যুদ্ধকালীন তৎপৰতাৰে পূৰ্ণ প্ৰস্তুতি চলিছে সাহিত্য সভাৰ । বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আহ্বানত অসম সাহিত্য সভাই আয়োজন কৰা সাহিত্য সভাক সফল কৰি তুলিবলৈ আদৰণি সমিতিয়ে গঠন কৰিছে ৩৪ খন উপসমিতি । দিনে-নিশাই ব্যস্ত হৈ পৰিছে আদৰণি সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ । 

লগতে পঢ়ক:অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.