ETV Bharat / state

অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ প্ৰস্তুতি তুংগত

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:14 PM IST

Asom Sahitya Sabha: অতিথিসকলক ৪০-৫০ হাজাৰ পিঠা-পনাৰে আপ্যায়ন কৰিবলৈ সাজু বাৰপূজীয়াৰ ৰাইজ । বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশন ।

Press Meet of Asom Sahitya Sabha
অসম সাহিত্য সভাৰ সংবাদমেল
অসম সাহিত্য সভাৰ সংবাদমেল

গুৱাহাটী,২৭ জানুৱাৰী: ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশন । চাৰিদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই বিশেষ অধিৱেশন । অধিৱেশনৰ বাবে সাজু কৰা হৈছে বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । শনিবাৰে এক সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹সূৰ্যকান্ত হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মা আৰু অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে ।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে স্থানীয় লোকসকলে প্ৰস্তুত কৰা ৪০-৫০ হাজাৰ পিঠা-পনাৰে আপ্যায়ন কৰা হ'ব অতিথিসকলক । ৪ হাজাৰ লোকে একেলগে খাব পৰাকৈ ভোজনালয় নিৰ্মাণ কৰা হৈছে । তদুপৰি স্থানীয় শিল্পীৰ দ্বাৰা নিৰ্মিত স্মাৰকেৰে আদৰণি জনোৱা হ'ব অতিথিসকলক । এই অধিৱেশনত সাহিত্য সন্মিলন, জাতীয় বৌদ্ধিক সন্মিলন, বুৰঞ্জী সন্মিলন, সাংবাদিক সন্মিলন, সাংস্কৃতিক সন্মিলন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব ।

অধিৱেশনৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা, বাণিজ্য মেলা অনুষ্ঠিত হ'ব বুলি কয় অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে । অহা ২ ফেব্ৰুৱাৰীত প্ৰথমখন মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । আনহাতে,৩ ফেব্ৰুৱাৰীত দ্বিতীয়খন মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰায় ৩ কোটি টকাৰ বাজেটেৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই অধিৱেশনখন ।

বাজেট ধাৰ্য কৰিলেও অধিৱেশনখন অনুষ্ঠিত কৰাত কিছু আৰ্থিক অভাৱৰ সন্মুখীন হৈছে আদৰণি সমিতি। এইক্ষেত্ৰত অসমৰ সকলো ৰাইজকে সামৰ্থ অনুযায়ী আৰ্থিক বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছে অসম সাহিত্য সভাই । অধিবেশনৰ প্ৰতিটো ক্ষেত্ৰৰেই ৮০% কাম সম্পূৰ্ণ হৈছে বুলি কয় অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে ।

ইপিনে,অহা ২৬,২৭ মাৰ্চত ওদালগুৰিত অনুষ্ঠিত হ'ব সাহিত্য সভাৰ জনগোষ্ঠীয় সন্মিলন । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিতব্য় জনগোষ্ঠীয় সন্মিলন প্ৰতিটো জনগোষ্ঠীৰ ভাষাতে পৰিবেশন কৰা হ'ব জাতীয় সংগীত ।

লগতে পঢ়ক: অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.