বিজেপিৰ বিৰুদ্ধে শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 7:19 PM IST

thumbnail

শিৱসাগৰ, 22 জানুৱাৰী : অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশজুৰি বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে ৷ এনে উৎসৱমুখৰ পৰিৱেশৰ মাজতে শিৱসাগৰ জিলা কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত একাংশ বিজেপি সমৰ্থকে বাধা দিয়া আৰু দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাক কৰা প্ৰহাৰৰ বিৰোধিতাৰে এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ।

উল্লেখ্য যে, শিৱসাগৰ জিলা কংগ্ৰেছৰ কৰ্মী তথা বিষয়ববীয়াসকলে সোমবাৰে ৰাজীৱ ভৱনৰ পৰা বাহিৰ কৰে এই প্ৰতিবাদী সমদল ৷ এই প্ৰতিবাদী সমদলত বহু কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ য’ত প্ৰতিবাদকাৰীসকলে ৰাহুল গান্ধী জিন্দাবাদ, বিজেপি মুৰ্দাবাদ, দোষীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গান দি উত্তাল কৰে ৰাজপথ ৷

লগতে পঢ়ক : কাইলৈ গুৱাহাটীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.