ETV Bharat / politics

কাইলৈ গুৱাহাটীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 3:45 PM IST

Bharat Jodo Nyay Yatra : কাইলৈ গুৱাহাটীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ বিভিন্ন বাধাৰ মাজতো গুৱাহাটীৰ মাজ-মজিয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যাব ৰাহুল গান্ধী ৷

rahul gandhi yatra
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

গুৱাহাটী, ২২ জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই মঙলবাৰে গুৱাহাটীত প্ৰৱেশ কৰিব । চৰকাৰী পক্ষৰ বিভিন্ন বাধাৰ পিচত গুৱাহাটীৰ মাজ-মজিয়াৰে নগৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যাব ৰাহুল গান্ধী । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই পুৱা ৮ বজাত ইউ এচ টি এমলৈ যাব ।

তাতে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি পোনে পোনে আহি খানাপাৰা কইনাধৰা পাহাৰৰ ওচৰত ৰখিব আৰু ইয়াৰ পিচত বশিষ্ঠ হৈ বেহাৰবাৰী হৈ এই যাত্ৰা ওলাই যাব বুলি সংবাদ মাধ্যমৰ আগত জনায় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে । তেওঁ কয় গুৱাহাটী মাজমজিয়াৰে ভাৰত জোড়ো ন্যায় যাত্ৰা যোৱাত চৰকাৰে বাধা প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ হৈ এই যাত্ৰা ওলাই যাব ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে দেওবাৰে সংবাদমেলত গুৱাহাটীৰ ভিতৰেৰে ভাৰত জোড়ো ন্যায় যাত্ৰা গ'লে কাৰ্যসূচীৰ ভাবপ্ৰাপ্ত দায়িত্বত থকাসকলৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব হুংকাৰ দিছিল ৷ শাসক দলৰ সভাপতি জে পি নাড্ডাৰ ক্ষেত্ৰত ফুটপাথত মানুহ সমবেত হৈ থাকিলেও তেওঁ সমদল যাত্ৰা কৰা নাছিল আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ বাদে বাহনৰ পৰা আন ক’তো নমা নাছিল বুলি স্পষ্টীকৰণ দিছিল ।

লগতে পঢ়ক : চামগুৰিত বিজেপি সমৰ্থকৰ বিৰুদ্ধে ৰাহুল গান্ধীক অপদস্থ কৰাৰ অভিযোগ

সকলোৰে জ্ঞাত যে, অসমত প্ৰৱেশ কৰিয়েই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ দেওবাৰে পুৱতি নিশা লখিমপুৰত ন্যায় যাত্ৰাৰ বেনাৰ-পোষ্টাৰ ফালি পেলোৱা হৈছিল ৷ তাৰ পাচতে একাংশ বিজেপি সমৰ্থকে দেওবাৰে দিনৰ ভাগত ৰাহুল গান্ধীৰ কনভয়ত আক্ৰমণ কৰিছিল ৷ এনে সময়তে বিজেপি সমৰ্থকৰ আক্ৰমণৰ বলি হৈ গুৰুতৰভাৱে আহত হৈছিল ভূপেন কুমাৰ বৰা ৷

উক্ত দিনাই নিশাৰ ভাগত আকৌ নগাঁৱৰ চামগুৰি, ৰূপহীহাটত বিজেপি সমৰ্থকৰ বাধা সন্মুখীন হ’ব লগাত পৰিছিল ৰাহুল গান্ধী ৷ কেৱল দেওবাৰৰ দিনটোতে নহয় সোমবাৰেও আৰক্ষীৰ বাধাৰ সন্মুখীন হ’ব লগাত পৰিছিল ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই ৷

সোমবাৰ অৰ্থাৎ আজি নগাঁৱৰ পৰা বটদ্ৰৱা থানলৈ যোৱা পথতে আৰক্ষীয়ে বাধা প্ৰদান কৰে ৰাহুল গান্ধীৰ যাত্ৰাক । হয়বৰগাঁৱত ৰাহুল গান্ধীক বাধা দিয়াত এতিয়া ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ কৰ্মী তথা সমৰ্থকসকল ৷

লগতে পঢ়ক : বটদ্ৰৱা থানত ক'লা দাগ লগালে মুখ্যমন্ত্ৰীয়ে :গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.