ETV Bharat / politics

বটদ্ৰৱা থানত ক'লা দাগ লগালে মুখ্যমন্ত্ৰীয়ে :গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 2:25 PM IST

MP Gaurav Gogoi slams Assam CM: নগাঁৱৰ পৰা বটদ্ৰৱা থানলৈ যোৱা পথত আৰক্ষীয়ে বাধা প্ৰদান কৰিলে ৰাহুল গান্ধীৰ যাত্ৰাক । হয়বৰগাঁৱত ৰাহুল গান্ধীক বাধা দিয়াৰ বাবে কংগ্ৰেছ কৰ্মীসকলৰ মাজত সৃষ্টি হয় ক্ষোভৰ ৷

Mp Gaurav Gogoi in Batadrwa
বটদ্ৰৱাত সাংসদ গৌৰৱ গগৈ

নগাঁও, ২২ জানুৱাৰী : কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই পুনৰ বাধাৰ সন্মুখীন হৈছে ৷ এইবাৰ এঘণ্টাৰো অধিক সময় ধৰি নগাঁও জিলাৰ বটদ্ৰৱাত ৰাহুল গান্ধী তথা কংগ্ৰেছ নেতাজনৰ নেতৃত্বত উলিওৱা যাত্ৰাক আৱদ্ধ কৰি ৰাখে ৷ এই ঘটনাক লৈ ইতিমধ্য়ে কংগ্ৰেছ কৰ্মীসকলৰ লগতে দেশজুৰি চৰ্চা হৈছে ৷ এনে চৰ্চাৰ মাজতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে । সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য় কৰি আগবঢ়াইছে বিস্ফোৰক মন্তব্য় ।

সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী গৰাকীক সমালোচনা কৰি কয়," মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ইতিহাসত এটা ক'লা দাগৰ সৃষ্টি কৰিলে ।" সোমবাৰে ৰাহুল গান্ধীক নগাঁৱত আৱদ্ধ কৰি ৰখাৰ সময়ত বটদ্ৰৱাত উপস্থিত হৈ এই বিস্ফোৰক মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে । ৰাহুল গান্ধীৰ প্ৰতিনিধি হিচাপে বটদ্ৰৱা থানত উপস্থিত হয় গৌৰৱ গগৈ। বটদ্ৰৱা থানলৈ অহাত মুখ্যমন্ত্ৰীয়ে বাধা দিয়ে বুলি স্পষ্টভাৱে মন্তব্য কৰিলে গৌৰৱ গগৈয়ে । ৰাহুল গান্ধীক বটদ্ৰৱা থানত প্ৰবেশত নগাঁও জিলা প্ৰশাসন আৰু থান পৰিচালনা সমিতিয়ে বাধা প্ৰদান কৰাৰ পাছত ১০ বজাত সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামনি বৰাই বটদ্ৰৱা থানত আহি উপস্থিত হয় ।

সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামনি বৰাৰ সন্মুখত বটদ্ৰৱা থানৰ প্ৰবেশদ্বাৰ জাপি বাটচ'ৰাতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কংগ্ৰেছ সমৰ্থক আৰু বিজেপি সমৰ্থকৰ মাজত সৃষ্টি হয় খণ্ডযুদ্ধ । অৱশ্য়ে পৰৱৰ্তী সময়ত আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয় । ইপিনে, বটদ্ৰৱা থানত কোনো আইন শৃংখলা পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা নথকা স্বত্বেও ৰাহুল গান্ধীক কেৱল মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে বাধা দিয়াৰ অভিযোগ কৰে গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক:বিয়লি 3 বজাৰ পিচতহে বটদ্ৰৱা থানত প্ৰৱেশৰ অনুমতি ৰাহুল গান্ধীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.