ETV Bharat / state

বিয়লি 3 বজাৰ পিচতহে বটদ্ৰৱা থানত প্ৰৱেশৰ অনুমতি ৰাহুল গান্ধীক

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 11:31 AM IST

Attack on Bharat Jodo Nyay Yatra: এঘণ্টাৰো অধিক সময় ধৰি নগাঁও জিলাৰ বটদ্ৰৱাত আৱদ্ধ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ বিয়লি 3 বজাৰ পিছত বটদ্ৰৱা থানলৈ যাবলৈ অনুমতি দিয়া বুলি জানিব পৰা গৈছে ।

Attack on Bharat Jodo Nyay Yatra
বটদ্ৰৱাত ৰাহুল গান্ধী
নগাঁৱত ৰাহুল গান্ধীক বাধা আৰক্ষীৰ

নগাঁও, 22 জানুৱাৰী: পুনৰ বাধাৰ সন্মুখীন কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ এঘণ্টাৰো অধিক সময় ধৰি নগাঁও জিলাৰ বটদ্ৰৱাত ৰাহুল গান্ধী তথা কংগ্ৰেছ নেতাজনৰ নেতৃত্বত উলিওৱা যাত্ৰাক আৱদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে ৷ এই ঘটনাই কংগ্ৰেছ কৰ্মীসকলৰ লগতে দেশজুৰি চৰ্চা লভা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, নগাঁৱৰ পৰা বটদ্ৰৱা থানলৈ যোৱা পথত আৰক্ষীয়ে বাধা প্ৰদান কৰিলে ৰাহুল গান্ধী তথা তেওঁৰ যাত্ৰাক । হয়বৰগাঁৱত ৰাহুল গান্ধীক বাধা দিয়াৰ বাবে কংগ্ৰেছ কৰ্মীসকলৰ মাজত সৃষ্টি হয় ক্ষোভৰ ৷ উল্লেখ্য যে, অসমত প্ৰৱেশ কৰাৰ পিচৰে পৰা ৰাহুল গান্ধীৰ ন্যায় জোড়ো যাত্ৰাই বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়াত হোৱা পৰিলক্ষিত হৈ আহিছে ৷ আনকি কংগ্ৰেছৰ শীৰ্ষ নেতা পৰ্যন্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা পৰিলক্ষিত হৈছে ৷ ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ বাহনত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

একেদৰে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগৰ ভিত্তিত গোচৰ ৰুজুৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নগাঁওৰ বটদ্ৰৱা থানত ৰাহুল গান্ধীক আৰক্ষী-প্ৰশাসনে বাধা আৰোপ কৰাক লৈ শীৰ্ষ ৰাজনৈতিক নেতা যোগেন্দ্ৰ যাদৱে হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ৷

এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, "আগতে প্ৰশাসনে মোক মন্দিৰলৈ যোৱাৰ অনুমতি দিছিল, কিন্তু আজি এই একেখিনি মানুহেই মোক তালৈ যোৱাত বাধা দিছে ৷" কেন্দ্ৰৰ মোদী চৰকাৰক কটাক্ষ কৰি গান্ধীয়ে মন্দিৰত মাত্ৰ এজন ব্যক্তিকহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে বুলি কয় । প্ৰশাসনৰ লোকৰ সৈতে তৰ্ক-বিতৰ্কৰ অন্তত বিষয়াসকলে ৰাহুলক বিয়লি 3 বজাৰ পিছত বটদ্ৰৱা থানলৈ যাবলৈ অনুমতি দিয়া বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীৰ দৰে ব্যৱহাৰ কৰে: সাংসদ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.