ETV Bharat / politics

অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীৰ দৰে ব্যৱহাৰ কৰে: সাংসদ গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 7:04 AM IST

Updated : Jan 23, 2024, 11:37 AM IST

ৰাহুল গান্ধীৰ পদযাত্ৰাত আক্ৰমণ, ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে । অসম আৰক্ষীক বিজেপিৰ কৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰো অভিযোগ গৌৰৱ গগৈৰ । অসম আৰক্ষী সন্দৰ্ভত চাঞ্চল্যকৰ মন্তব্য সাংসদ গৌৰৱ গগৈৰ ?

ATTACK ON BHARAT JODO NYAY YATRA
ATTACK ON BHARAT JODO NYAY YATRA

ৰূপহীহাটত সংবাদ মাধ্যমৰ সমুখত সাংসদ গৌৰৱ গগৈ

নগাঁও, 22 জানুৱাৰী: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত হোৱা আক্ৰমণৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুকলিভাবে প্ৰত্যাহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে । "হাজাৰ বাধায়েও কংগ্রেছক ৰোধিব নোৱাৰে । পদে পদে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা প্ৰদানৰ চেষ্টা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই " - এই মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ । দেওবাৰে নিজৰ কাৰ্যসূচী সামৰি ৰূপহীহাটত অস্থায়ীভাৱে নিৰ্মাণ কৰা ঘৰত নিশা কটোৱাৰ উদ্দেশ্যে উপস্থিত হৈছিল ৰাহুল গান্ধী ৷

কংগ্ৰেছ নেতাগৰাকীক সংগ দি সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰে সাংসদ গৌৰৱ গগৈ । দেওবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলক হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে । কংগ্ৰেছীৰ ওপৰত বিজেপিয়ে আক্ৰমণ কৰিলেও আৰক্ষীয়ে যাতে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তাৰ বাবেও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি অভিযোগ গুৰুতৰ অভিযোগ তোলে গৌৰৱ গগৈয়ে । এই বিষয়ে গৌৰৱ গগৈক একাংশ আৰক্ষী অধীক্ষকেই জনোৱা বুলিও মন্তব্য কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।

অসম আৰক্ষীক গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপি কৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰো অভিযোগ সাংসদ গৌৰৱ গগৈৰ । ভাৰত জোড়ো ন্যায় যাত্ৰাত কৰা আক্ৰমণ সন্দৰ্ভত গৌৰৱ গগৈয়ে মন্তব্য আগবঢ়ায় কয়, "অতিথি পৰায়ণ অসমীয়াই আজি মুখ্যমন্ত্ৰীৰ আচৰণত লাজ অনুভৱ কৰিছে । গুৰুজনাৰ জন্মস্থানলৈ যোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে ৷"

লগতে পঢ়ক: আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

Last Updated : Jan 23, 2024, 11:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.