বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিজিৎ শ্বাৱন্ত অসমত - ভৃগু কাশ্যপ

🎬 Watch Now: Feature Video

thumbnail
ঢলা শদিয়া মহোৎসৱৰ বাবে অসমত অভিজিৎ শ্বাৱন্ত (undefined)

By ETV Bharat Assamese Team

Published : February 1, 2024 at 10:50 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 1 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিজিৎ শ্বাৱন্ত । ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হোৱা বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিজিৎ শ্বাৱন্তক আদৰণিৰ জনালে অসমৰ জনপ্ৰিয় গায়ক ভৃগু কাশ্যপে ৷ তিনিচুকীয়াৰ ঢলা শদিয়া মহোৎসৱত অংশগ্ৰহণৰ উদ্দেশ্যে অসমলৈ আহিছে গায়কজন ৷ এই বছৰ পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে  ঢলা শদিয়া মহোৎসৱ ৷

ইণ্ডিয়ান আইডল খ্যাত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিজিৎ শ্বাৱন্তে অসমলৈ আহি ভাল লাগে বুলি মন্তব্য প্ৰকাশ কৰে । তদুপৰি পূৰ্বেও ডিব্ৰুগড়লৈ অহাৰ কথা সদৰী কৰে তেওঁ । ভৃগু কাশ্যপৰ সৈতে ক্ৰিকেট খেলাৰ কথাও উল্লেখ কৰে অভিজিৎ শ্বাৱন্তে । ডিব্ৰুগড় বিমান বন্দৰৰ পৰা পোনে পোনে নিজৰ টীমটোৰ সৈতে তিনিচুকীয়ালৈ ৰাওনা হয় অভিজিৎ শ্বাৱন্ত ৷ আজি তেওঁ তিনিচুকীয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰিব ৷

লগতে পঢ়ক : পুৰুষ সমকামিতাক লৈ কি ক’লে পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে ?

ABOUT THE AUTHOR

...view details