ETV Bharat / entertainment

পুৰুষ সমকামিতাক লৈ কি ক’লে পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে ?

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 4:33 PM IST

Updated : Feb 1, 2024, 10:20 PM IST

Satya The Truth will be released tomorrow: পুৰুষ সমকামিতাৰ কাহিনীৰ আধাৰত কাইলৈ ৰাজ্যৰ প্ৰায় বহুকেইটা ছবিগৃহত আহি আছে নতুন অসমীয়া ছবি ‘সত্য The Truth’ ৷ শুকুৰবাৰে ৰাজ্যৰ প্ৰায় ৩৬ টা ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে ।

New Assamese film Satya The Truth set to hit theaters on Friday
অসমীয়া ছবি Satya The Truth
নতুন অসমীয়া ছবি ‘সত্য The Truth

গুৱাহাটী, ১ ফেব্ৰুৱাৰী: বৰ্তমান সময়ত LGBTQ বিষয়ক কথা-বতৰাবোৰ মানুহৰ মাজত সহজ হৈ পৰিছে । এগৰাকী পুৰুষে আন এগৰাকী পুৰুষৰ প্ৰতি বা এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ প্ৰতি আকৰ্ষিত হোৱা বা প্ৰেমৰ অনুভৱ কৰা এতিয়া অসহজ, অস্বাভাৱিক হৈ থকা নাই । এই ধাৰণা বা পুৰুষ সমকামিতাৰ কাহিনীৰ আধাৰত কাইলৈ ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘সত্য দ্য ট্ৰুথ’ ৷

চিটি প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিকল্পনা চন্দন তালুকদাৰৰ, প্ৰযোজনা তিলোত্তমা তালুকদাৰ আৰু পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰৰ । লগতে চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাগত অভিনেতা ৰাকেশ বৰুৱা, জনপ্ৰিয় অভিনেতা উৎপল দাসে । তদুপৰি এই চিনেমাখনত অভিনয় কৰিছে উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিকে ধৰি বহু নৱাগত অভিনেতা-অভিনেত্ৰীয়ে ।

শেহতীয়াকৈ ইটিভি ভাৰত অসমৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত মিলিত হয় ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰঠাকুৰ ৷ য’ত ছবিখনৰ বিষয়ে বহু কথা প্ৰকাশ কৰে পৰিচালকজনে ৷ ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি ৰূপজ্যোতি বৰঠাকুৰে কয়, ‘‘ছবিখনৰ কাহিনী ভাগ এক প্ৰেমৰ কাহিনী বুলি ক’ব পাৰি । এগৰাকী যুৱকৰ এগৰাকী যুৱতীৰ প্ৰতি যেনেদৰে প্ৰেম ভালপোৱা থাকে, ঠিক তেনেদৰে এগৰাকী ছোৱালীৰো আন এগৰাকী ছোৱালীৰ প্ৰতি বা এজন ল’ৰাৰ অন্য এজন ল’ৰাৰ প্ৰতি প্ৰেম ভালপোৱা থাকিব পাৰে । সেই প্ৰেমৰ মাজৰে আমি এটা সম্পর্ক ছবিখনত দেখুৱাবলৈ চেষ্টা কৰিছো । এনেকুৱা বিষয় লৈ পূৰ্বে আমাৰ অসমত কোনো ছবি নিৰ্মাণ কৰা নাই । আশা কৰো ছবিখনক ৰাইজে আদৰি ল’ব ।’’

ইফালে ছবিখনৰ সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মাই । গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনাকংকন ভূঞাৰ । কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অৰুন্ধতি ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই । নৃত্য পৰিচালনা কৰিছে অভিজিৎ বৰাই । ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল । অৱশ্যে ছবিখনে দৰ্শকৰ পৰা কেনে সমাদৰ লাভ কৰে সেয়া মুক্তিৰ পিচত হে ক’ব পৰা যাব ৷

লগতে পঢ়ক: পুৰুষ সমকামিতাৰ কাহিনীৰ আধাৰত আহি আছে নতুন অসমীয়া ছবি সত্য দ্য ট্ৰুথ

Last Updated : Feb 1, 2024, 10:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.