মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক জবাবদিহি শিলসাঁকোৰ উচ্ছেদিতৰ

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 3:47 PM IST

thumbnail

গুৱাহাটী, 24 ফেব্ৰুৱাৰী : শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ উদ্যোগত উচ্ছেদিত ৰাইজক ক্ষতিপূৰণ দিয়াৰ দাবীত পঞ্চম দিনাও চচলত অব্যাহত আছে উচ্ছেদিতৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে শনিবাৰে চচলৰ প্ৰতিবাদস্থলীত উপস্থিত হ’ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিচতে তেওঁক জবাবদিহি কৰে শিলসাঁকোৰ উচ্ছেদিতই ৷

শিলসাঁকোৰ উচ্ছেদিত প্ৰতিবাদকাৰীৰ নেত্ৰী গায়ত্ৰী বৰীয়ে মন্ত্ৰীগৰাকীক আগচি ধৰি তেওঁলোকৰ সমস্যাৰ বিষয়ে অবগত কৰে ৷ মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সমস্যা সমূহ মুখ্যমন্ত্ৰীৰ আগত অৱগত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ অৱশ্যে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে শিলসাঁকোৰ উচ্ছেদিতৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে ৷ উল্লেখ্য যে, শিলসাঁকোৰ অমানৱীয় উচ্ছেদৰ বলি হোৱা প্ৰতিটো থলুৱা পৰিয়ালক অতি শীঘ্ৰে পুনৰসংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত চচলত অনিৰ্দিষ্টকালীন অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে উচ্ছেদিত লোকসকলে ৷

লগতে পঢ়ক : উত্তাল কাৰ্বি পাহাৰ; জ্বলিল কংগ্ৰেছ নেতা দেৱব্রত শইকীয়াৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.