ETV Bharat / state

উত্তাল কাৰ্বি পাহাৰ; জ্বলিল কংগ্ৰেছ নেতা দেৱব্রত শইকীয়াৰ পুত্তলিকা

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 12:43 PM IST

শ্ল’গানেৰে উত্তাল কাৰ্বি পাহাৰ; জ্বলিল কংগ্ৰেছ নেতা দেৱব্রত শইকীয়াৰ পুত্তলিকা
শ্ল’গানেৰে উত্তাল কাৰ্বি পাহাৰ; জ্বলিল কংগ্ৰেছ নেতা দেৱব্রত শইকীয়াৰ পুত্তলিকা

Land issue in Diphu : কার্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমি উচ্ছেদৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ নেতা দেৱব্রত শইকীয়াই ৷ শইকীয়াৰ এই বক্তব্যৰ বিৰোধিতা জনায় কাৰ্বি পাহাৰৰ একাংশ দল-সংগঠনে দাহ কৰে শইকীয়াৰ পুত্তলিকা । কংগ্রেছ গ’বেক’, কংগ্রেছ মুর্দাবাদ, দেৱব্রত শইকীয়া ডাউন-ডাউন, কংগ্রেছ ডাউন ডাউন আদি শ্ল'গানেৰে উত্তাল হৈ পৰে কাৰ্বি পাহাৰ ৷ সংবাদমেলযোগে বিৰোধী দলপতি শইকীয়াৰ মন্তব্যক গৰিহণা কার্বি আংলঙৰ বিভিন্ন দল-সংগঠনৰ ৷

কংগ্রেছ বিৰোধী শ্ল’গানেৰে উত্তাল কাৰ্বি পাহাৰ; জ্বলিল কংগ্ৰেছ নেতা দেৱব্রত শইকীয়াৰ পুত্তলিকা

ডিফু, 24 ফেব্ৰুৱাৰী: কার্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমি উচ্ছেদৰ সিদ্ধান্তৰ বিৰোধিতা কৰা কংগ্ৰেছ নেতা দেৱব্রত শইকীয়াৰ বিৰুদ্ধে সৰৱ জিলাখনৰ বিভিন্ন দল-সংগঠন । উল্লেখ কৰা প্ৰয়োজন যে, পশ্চিম কাৰ্বি আংলঙৰ পিজিআৰ-ভিজিআৰৰ ভূমিত উচ্চতম ন্যায়ালয়ৰ নির্দেশমৰ্মে সেই ভূমিত শীঘ্ৰে উচ্ছেদ চলাবলৈ ডিফুত 20 ফেব্রুৱাৰীত সর্বদলীয় বৈঠকত সর্বসন্মত মৰ্মে সিদ্ধান্ত গ্রহণ কৰা হয় । ইয়াৰ ভিতৰত খেৰণিৰ বৃহত্তৰ এলেকাৰো উচ্ছেদৰ সিদ্ধান্ত গ্রহণ কৰা হয় ।

কিন্তু বৃহস্পতিবাৰে অসম বিধানসভাত কংগ্রেছ নেতা দেৱব্রত শইকীয়াই পিজিআৰ ভূমিত হ’বলগীয়া উচ্ছেদ কাৰ্য সম্পূর্ণ বে-আইনী আৰু অসাংবিধানিক বুলি মন্তব্য কৰাৰ পিছত শুকুৰবাৰে এই মন্তব্যৰ বিৰোধিতাৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন দল-সংগঠন আৰু সমাজকৰ্মীয়ে দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সংবাদমেলযোগে বিৰোধী দলপতিগৰাকীক গৰিহণা দিয়ে ৷

শুকুৰবাৰে বিয়লি সমাজকৰ্মী লিটছন ৰংফাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি কয়, "খেৰণিৰ পিজিআৰ-ভিজিআৰ ভূমি বেদখল অবৈধ । উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে ডিফুত সর্বদলীয় বৈঠকত এই ভূমিত উচ্ছেদ চলোৱা সন্দৰ্ভত সিদ্ধান্ত গ্রহণ কৰা হয় । কিন্তু যি সময়ত অসমৰ লগতে জনজাতি এলেকাবোৰতো খিলঞ্জীয়াসকলে জাতি-মাটি-ভেঁটিৰ অস্তিত্বৰ সংকটত ভূগি আছে তেনে সময়ত এগৰাকী খাটী অসমীয়া হিচাপে উচ্ছেদ বিৰোধী এনে মন্তব্য তীব্র গৰিহণাৰ যোগ্য ৷ আমি দেৱব্রত শইকীয়াৰ এনে মন্তব্যক ধিক্কাৰ জনাইছো ৷"

শুকুৰবাৰে আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ ভাতৃ সংগঠন আৰু এএছডিছি য়ুথ ফ্ৰণ্ট আৰু কেএছএই কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ কৰে ৷ প্রতিবাদকাৰীসকলে শইকীয়াৰ পুত্তলিকা দাহ কৰি কংগ্রেছ গ’বেক’, কংগ্রেছ মুর্দাবাদ, দেৱব্রত শইকীয়া ডাউন-ডাউন, কংগ্রেছ ডাউন, ডাউন আদি শ্ল'গানেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: পিজিআৰ-ভিজিআৰৰ ভূমিত বাস কৰা অবৈধ বেদখলকাৰীক অচিৰেই কৰা হ’ব উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.