কংগ্ৰেছ দলত পইচাৰ লেনদেন হয় : শ্যামল নাৰায়ণ দেৱ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 7:59 PM IST

thumbnail

বঙাইগাঁও, ২৯ জানুৱাৰী : ‘‘কংগ্ৰেছ দল এটা প্ৰাইভেট কম্পেনীহে ৷ কংগ্ৰেছ দলত বৰ্তমান এটা বিশেষ ধৰ্মৰ গুৰুত্ব বেচি ৷ যাৰ আছে পইচা, কংগ্ৰেছ দল তাৰেই ৷ কংগ্ৰেছ দলত মহিলাৰ সন্মান নাই ৷ আনকি কংগ্ৰেছ দলত পইচাৰ লেনদেন হয় ৷ উদাহৰণ ময়েই ৷’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে শ্যামল নাৰায়ণ দেৱে ৷

উল্লেখ্য যে, সোমবাৰে বিয়লি বঙাইগাঁৱৰ বৰপাৰাস্থিত বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সম্পাদক শ্যামল নাৰায়ণ দেৱ । কালি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত যোগদান কৰিছিল বিজেপি দলত শ্যামল নাৰায়ণ দেৱে ৷

তাৰ পাচত আজি (সোমবাৰ) বঙাইগাঁও জিলাত উপস্থিত হৈ পোনে পোনে ভাৰতীয় জনতা পাৰ্টীৰ বঙাইগাঁও জিলা কাৰ্যালয়ত উপস্থিত হয় শ্যামল নাৰায়ণ দেৱ ৷ বঙাইগাঁৱৰ ভাৰতীয় জনতা পাৰ্টীৰ  কাৰ্যালয়ত উপস্থিত হৈ তেওঁ সাক্ষাৎ কৰে জিলা সভাপতি উজ্জ্বল কান্তি ৰায় আৰু বিজেপিৰ অন্যান্য নেতা-কৰ্মীসকলক। উজ্জ্বল কান্তি ৰায়ে শ্যামল নাৰায়ণ দেৱক কোঁচ ৰাজবংশী গামোচা পিন্ধাই জিলা কাৰ্যালয়ত আদৰণি জনায় ৷

তেওঁ কয়, ‘‘ বিজেপি দলে যি দায়িত্ব দিব মই সেই দায়িত্ব পালন কৰিম ৷ শংকৰ প্ৰসাদ ৰায় বিজেপিলৈ আহিলে ভাল’’ ৷

লগতে পঢ়ক : ৰকিবুল‌ হুছেইনৰ মতে বদু ভাই এইবাৰ নিৰ্বাচনত হাৰিব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.