ETV Bharat / state

ৰকিবুল‌ হুছেইনৰ মতে বদু ভাই এইবাৰ নিৰ্বাচনত হাৰিব

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 7:22 PM IST

Rakibul Hussain on Assam CM : এইবাৰ নিৰ্বাচনত হাৰিব বদৰুদ্দিন আজমল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত মিতিৰালি কৰাৰ বাবে আজমলক ধুবুৰীৰ ৰাইজে প্ৰত্যাখান কৰিব । এই মন্তব্য কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ৷

Rakibul Hussain comment upcoming election and Assam CM
আজমলক ধুবুৰীৰ ৰাইজে প্ৰত্যাখান কৰিব : ৰকিবুল‌ হুছেইন

আজমলক ধুবুৰীৰ ৰাইজে প্ৰত্যাখান কৰিব : ৰকিবুল‌ হুছেইন

গুৱাহাটী, ২৯ জানুৱাৰী : লোকসভা নিৰ্বাচনত এইবাৰ ধুবুৰীৰ ৰাইজে এ আই ইউ ডি এফৰ ধুবুৰী লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলক প্ৰত্যাখান কৰিব ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই দাবী কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ । তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা মিতিৰালিৰ বাবে ধুবুৰীৰ ৰাইজে আজমলক প্ৰত্যাখান কৰিব ।

তেওঁ কয়, ‘‘আজমল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থী সেই কথা এতিয়া সকলোযৱে বুজি পাইছে’’ । তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক বদু ভাই বুলি মাতে । হিমন্ত বিশ্ব শৰ্মাৰ বাবে বদু ভাই এইবাৰ নিৰ্বাচনত হাৰিব । আজমলৰ চল চাতুৰি ৰাইজে বুজি পোৱা হৈছে । আজমলে হিমন্ত বিশ্ব শৰ্মাক দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয়’’ ।

আজমলক ধুবুৰীৰ ৰাইজে প্ৰত্যাখান কৰিব : ৰকিবুল‌ হুছেইন

লগতে ৰকিবুল‌ হুছেইনে কয়, ‘‘শৰ্মা প্ৰকৃত বিজেপি নহয় । চল চাতুৰি কৰি শৰ্মাই বিজেপিৰ মুখ্যমন্ত্ৰী হৈছে । মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীত অৱস্থা থৰক বৰক । যাৰ‌ বাবে প্ৰকৃত বিজেপি বুলি শৰ্মাই নিজক প্ৰমাণ কৰাৰ চেষ্টা কৰি থাকে’’ ।

ইপিনে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘দলৰ সভাপতি ভূপেন বৰাই যি ক'ব সেয়া সকলোৱে মানিব লাগিব । ইতিমধ্যে আজি কংগ্ৰেছৰ নিৰ্বাচন কমিটীৰ সভা হৈছে । এইক্ষেত্ৰত সকলো সিদ্ধান্ত সভাপতি ভূপেন বৰাই ক’ব পাৰিব’’ ।

উল্লেখ্য যে, সোমবাৰে গুৱাহাটীৰ হোটেল লিলিত আয়োজন কৰা হয় কংগ্ৰেছৰ এক বিশেষ বৈঠক ৷ এই বৈঠকতে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত সম্পৰ্কে আলোচনা কৰা হয় । এই বৈঠকতে কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত সম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰা হয় ।

লগতে পঢ়ক : 14 টা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে পেনেল প্ৰস্তুত; কোন আছে কোন সমষ্টিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.