ডুমডুমাত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা দেওৰেকক

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 9:17 PM IST

thumbnail

তিনিচুকীয়া, ২৯ জানুৱাৰী: তিনিচুকীয়া জিলাৰ ডুমডুমাত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । বৌৱেকে দেওৰেকক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে । অভিনাশ লোহাৰ নামৰ লোকজনক নিজৰেই বৌৱেকে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহত ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে ডুমডুমাৰ আৰক্ষীয়ে ৷ উল্লেখ্য় যে এই মহিলা গৰাকীৰ বিৰুদ্ধে পূৰ্বতেও স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

বিগত কিছুদিন ধৰি হৈ থকা পাৰিবাৰিক কন্দলৰ পৰিণতিত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ আৰক্ষী তথা স্থানীয় ৰাইজৰ । ইপিনে,দেওৰেকক হত্যা কৰি ডুমডুমা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে অভিযুক্ত মহিলা গৰাকীয়ে । আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত তথ্য় ।

লগতে পঢ়ক:কোঠাৰ ভিতৰতে যুৱকক ছুৰীকাঘাত; প্ৰেমিকালৈ সন্দেহৰ আঙুলি  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.