সোণাৰিৰ ডিপ্লিং চাহ বাগিচাত নৃশংস হত্যাকাণ্ড

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 7:00 PM IST

thumbnail

মৰাণ, 22 জানুৱাৰী : সমগ্ৰ দেশ তথা ৰাজ্য অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ভক্তিত বুৰ যোৱা দিনটোতে চৰাইদেউ জিলাৰ সোণাৰিত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৷ সোণাৰিৰ ডিপ্লিং চাহ বাগিচাত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷

ভতিজাকৰ হাতত প্ৰাণ গ'ল খুড়ীয়েকৰ ৷ হত্যাকাৰী ভতিজাক বিশ্বজিৎ বাউৰীয়ে হত্যা কৰে খুড়ীয়েক পূৰ্ণিমা ক্ষেত্ৰপালক ৷ সোণাৰিৰ ডিপ্লিং চাহ বাগিচাৰ মাজ লাইনত সংঘটিত হোৱা এই হত্যাকাণ্ডই চাহ বাগিচাখনৰ লগতে সোণাৰিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘৰুৱা কন্দলৰ বাবেই এই নৃশংস ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ খবৰ লাভ কৰি পৰৱৰ্তী সময়ত ঘটনাস্থলীত কাকতিবাৰী আৰক্ষী উপস্থিত হৈ হত্যাকাৰী বিশ্বজিৎ বাউৰীক আটক কৰে ৷ 
 
লগতে পঢ়ক : বিলকিছ বানো গোচৰৰ ১১ দোষীৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.