ETV Bharat / bharat

বিলকিছ বানো গোচৰৰ ১১ দোষীৰ আত্মসমৰ্পণ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 1:18 PM IST

Updated : Jan 23, 2024, 11:18 AM IST

Bilkis Bano case: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে দেওবাৰে নিশা গুজৰাটৰ পঞ্চমহল জিলাৰ গোধৰা উপ-কাৰাগাৰত বিলকিছ বানো গোচৰৰ ১১ দোষীয়ে আত্মসমৰ্পণ কৰে । ২০২২ চনত দোষীসকলক গুজৰাট চৰকাৰে মুকলি কৰি দিছিল ।

Bilkis Bano case
বিলকিছ বানো গোচৰৰ ১১ দোষীৰ আত্মসমৰ্পণ

নেশ্যনেল ডেস্ক,২২ জানুৱাৰী : উচ্চতম ন্যায়ালয়ৰ সময়সীমা অনুসৰি বিলকিছ বানো গোচৰৰ ১১ দোষীয়ে দেওবাৰে নিশা গুজৰাটৰ পঞ্চমহল জিলাৰ গোধৰা উপ-কাৰাগাৰত আত্মসমৰ্পণ কৰে । স্থানীয় অপৰাধ শাখা পৰিদৰ্শক এন.এল. দেশাইয়ে এই কথা নিশ্চিত কৰে ।

উচ্চতম ন্যায়ালয়ে ৮ জানুৱাৰীত গুজৰাট চৰকাৰে গোচৰটোৰ ১১ দোষীক দিয়া শাস্তি ৰেহাই দিয়াৰ সিদ্ধান্ত বাতিল কৰিছিল । ইয়াৰ লগতে, আদালতে ২০২২ চনৰ স্বাধীনতা দিৱসত মুক্তি লাভ কৰা দোষীসকলক দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল । কিছুদিন পূৰ্বে, উচ্চতম ন্যায়ালয়ে দোষীসকলক আত্মসমৰ্পণ কৰিবলৈ অধিক সময় বিচৰাৰ আবেদনো খাৰিজ কৰিছিল আৰু দেওবাৰৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল ।

১১ দোষী হৈছে ৰাধেশ্যাম শ্বাহ, বাকা ভোহানিয়া, বিপিন চন্দ্ৰ যোশী, কেশৰ ভোহানিয়া, গোবিন্দ নায়, যশৱন্ত নায়, মিতেশ ভট্ট, প্ৰদীপ মৰ্ধিয়া, ৰাজু চোনি, ৰমেশ আৰু শৈলেশ ভট্ট । ২০০২ চনৰ ফেব্ৰুৱাৰীত গোধৰা ৰে'ল জ্বলোৱাৰ ঘটনাৰ পিচত গুজৰাটত সাম্প্ৰদায়িক হিংসা আৰম্ভ হোৱাৰ সময়ত বানো ২১ বছৰীয়া আৰু ৫ মাহৰ গৰ্ভৱতী আছিল । হিংসাৰ পৰা পৰিত্ৰাণৰ চেষ্টা কৰোতে বানোক দলবদ্ধ ধৰ্ষণ কৰিছিল আৰু এই সময়ছোৱাত তেওঁৰ তিনি বছৰীয়া কন্যাকে ধৰি পৰিয়ালৰ ৭ গৰাকী সদস্য নিহত হৈছিল ।

উল্লেখ্য যে, ২০২২ চনৰ ১৫ আগষ্টত অৰ্থাৎ ৭৬ সংখ্যক স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে বিলকিছ বানো কাণ্ডত দোষী সাব্যস্ত হোৱা ১১ জন লোকক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিল । কিন্তু দোষী কেইজনক মুকলি কৰি দিয়াৰ পিচতে দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । অৱশ্যে যোৱা ৮ জানুৱাৰীত আদালতে গুজৰাট চৰকাৰৰ সিদ্ধান্ত বাতিল কৰে আৰু দোষীসকলক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :বাবৰৰ পৰা মোদীলৈ: ৰাম মন্দিৰৰ যুগান্তকাৰী সময়ৰেখা

Last Updated :Jan 23, 2024, 11:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.