গো সংৰক্ষণ আৰু গো-হত্যাক লৈ ৰাজনীতি নকৰিব: সত্যৰঞ্জন বৰা - SATYARANJAN BORA

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 8:09 PM IST

thumbnail

গুৱাহাটী,১৩ এপ্ৰিল: ৰঙালীৰ ৰঙত ৰঙীন সমগ্ৰ ৰাজ্যবাসী । অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সাত বিহুৰ আজি প্ৰথমটো দিন । আজি গৰু বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ বশিষ্ঠ আশ্ৰম প্ৰাংগনতো দেখা পোৱা যায় গৰু বিহুৰ ব্যাপক আযোজন । কুটুম্ব সুৰক্ষা পৰিষদে প্ৰতি বছৰৰ দৰে এই বৰ্ষও উদযাপন কৰে গৰু বিহু । বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা সমিতি তথা জয় শ্ৰীৰাম সেৱা বাহিনীৰ লগতে মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী শাখাৰ আৰু স্থানীয় ৰাইজৰ সহযোগত বশিষ্ঠ মন্দিৰ প্ৰাংগনত উদযাপন কৰে গৰু বিহু ।  

পৰম্পৰাগত ৰীতি নীতিৰে মাহ-হালধিৰে নোৱাই পৱিত্ৰ বশিষ্ঠ নৈত গা ধুৱাই গো-মাতাক । যোৱা ৪ টা বছৰে কুটুম্ব পৰিষদে এনেদৰে আয়োজন কৰি আহিছে গৰু বিহুৰ । গৰু বিহুৰ লগতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এখনি আলোচনা চক্ৰৰ লগতে সাংস্কৃতিক অনুষ্ঠান । এই অনুস্থানত উপস্থিত থাকি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই কয় যে আমি এফালে গো-সংৰক্ষণৰ কথা কৈ আনফালে আমি গো হত্যা কৰিছো । এনে কাৰ্য কৰি আমি চৰিত্ৰহীন হৈছো নেকি ? গো সংৰক্ষণ আৰু গো-হত্যা ৰাজনৈতিক বিষয় নহয় । যিসকলে এই বিষয়টোক লৈ ৰাজনীতি কৰিছে তেওঁলোকক এই বিষয়টো ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবলৈ আহ্বান জনাই সত্যৰঞ্জন বৰাই ।

লগতে পঢ়ক: বিহু নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰিবলৈ ব্ৰিটিছক বাধ্য কৰা চেনিমাইক আপুনি জানেনে? - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.