ETV Bharat / state

বিহু নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰিবলৈ ব্ৰিটিছক বাধ্য কৰা চেনিমাইক আপুনি জানেনে? - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 1:49 PM IST

Updated : Apr 13, 2024, 3:52 PM IST

চেনিমাই ! বিহু গীতৰ এটি জনপ্ৰিয় শব্দ চেনিমাই । চেনিমাই প্রকৃততে কোন ? বিহুৰ সৈতে কিয় ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে চেনিমাই ? ১৮ শ শতিকাত ব্ৰিটিছে কিয় নিষিদ্ধ কৰিছিল অসমীয়াৰ বাপতি সাহোন বিহুক ? ইংৰাজে নিষিদ্ধ কৰিও কিয় উঠাই লবলৈ বাধ্য হৈছিল বিহুৰ নিষিদ্ধকৰণ ? বিহুগীত-নৃত্য যে প্রকৃতপক্ষে অশ্লীল হৈ থকা নাই, সেই ভুল ভাঙি, নিষেধাজ্ঞা উঠাই লবলৈ ব্ৰিটিছক বাধ্য কৰাবলৈ সক্ষম হোৱা বিহু দলটিক আপুনি জানেনে ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

Chenimai who forced the British to lift the Bihu ban
চেনিমাইক আপুনি জানেনে?
চেনিমাইক আপুনি জানেনে?

নগাঁও,১৩ এপ্ৰিল: বাটে পোৱালি মেলাৰ সময় এয়া । প্ৰকৃতিয়ে স্নান কৰাৰ সময় এয়া । এয়া ব'হাগৰ বতৰ । চৌদিশে বিয়পিছে ৰঙালীৰ ৰং । জাতিটোৰ স্পন্দন বিহু । ঢোল-পেঁপাৰ শব্দই যেন জগাই তোলে জাতিটোক । বিহুটিয়েই চিনাকী দিয়ে জাতিটোক । বিহু বুলিলে মনলৈ আহে চেনিমাইৰ কথা । অসংখ্য বিহুগীতৰ জনপ্ৰিয় শব্দটোৱেই হৈছে চেনিমাই । চেনিমাই আচলতে এটা শব্দ নহয় ।

অসমীয়াৰ সাহস, অসমীয়াৰ শক্তিৰ যেন অন্য এক নাম চেনিমাই । তাহানিৰ পৰা বৰ্তমানলৈকে বিহুগীতৰ এক অবিচ্ছেদ্য অংশই চেনিমাই । বিহুৰ বতৰত আজি আমাৰ এই প্ৰতিবেদন সেইগৰাকী চেনিমাইক লৈ যিগৰাকী চেনিমাইৰ বাবেই হয়তো আজিও জীয়াই আছে অসমীয়াৰ বাপতি সাহোন অতি আদৰৰ বিহুনৃত্য । এই বিষয়ে আমি জানিবলৈ উভতি যাব লাগিব ১৮ শ শতিকাৰ ব্ৰিটিছ শাসনকাললৈ ।

হয়, দেশ স্বাধীনতাৰ পূৰ্বৰ কথা । অৰ্থাৎ ১৮ শ শতিকাত ইংৰাজ শাসনকালত হঠাৎ ব্ৰিটিছে নিষিদ্ধ কৰিছিল বিহু নৃত্য । কাৰণ বিহু নৃত্যৰ ওপৰত ভুল ধাৰণা এটা আছিল ব্ৰিটিছৰ । বিহু নৃত্যক অশ্লীল নৃত্য বুলি ধাৰণা কৰিছিল বগাচাহাবে । বিহু নৃত্যক অশ্লীল নৃত্য বুলি দাবী কৰিয়েই বিহু নৃত্যৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল ব্ৰিটিছে । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়া, তীব্ৰ অসন্তুষ্টি বিৰাজ কৰিছিল অসমীয়া সমাজত । ব্ৰিটিছৰ এই সিদ্ধান্ত সহজভাৱে ল’ব পৰা নাছিল কোনো এজন অসমীয়াই ।

নগাঁও জিলাৰ খাটোৱাল মৌজাৰ হালোৱা গাঁৱৰ আনন্দ দাসে ইংৰাজে বিহু নিষিদ্ধ কৰিব খোজা কথাৰ উমান পাই ৰাইজক সজাগ কৰিছিল । নগাঁও কাছাৰীত তৰণীৰূপে কৰ্মৰত দাস এজন উদ্যোগী আৰু সৰবৰহী ব্যক্তি আছিল। তেওঁ ইংৰাজ আৰু বিহুৰ শতৰুসকলৰ অভিসন্ধিবোৰৰ বিষয়ে কাছাৰীঘৰতে অৱগত হৈছিল । সেইবোৰ বিৱৰি জনোৱাত কলংপৰীয়া পাহোৱাল ডেকা ঢোলৰ ওজা মৈমত টাটিঙাই বিহুৱা দল এটি গঠন কৰি আনন্দ দাসৰ নেতৃত্বত ইংৰাজ চাহাবৰ আগত বিহুগীত আৰু নৃত্য প্রদর্শন কৰি প্রতিবাদ কৰিবলৈ সাজু হৈছিল ।

ব্ৰিটিছৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিছিল এটি বিখ্যাত বিহু দল । দলটোৰ নেতৃত্বত আছিল বিখ্যাত ঢুলীয়া মৈমত টাটিঙা আৰু নাচনী চেনিমাই । বিখ্যাত ঢুলীয়া মৈমত টাটিঙাৰ জ্যেষ্ঠ ভগ্নী আছিল চেনিমাই । তেওঁলোকৰো সিদ্ধান্ত আছিল ব্ৰিটিছক যিকোনো প্ৰকাৰে প্ৰতিয়ন নিয়াটো । একেদৰেই আগবাঢ়িছিল মৈমত তাটিঙা আৰু চেনিমাইৰ বিহু দল । মৈমত টাটিঙা আৰু চেনিমাই আছিল নগাঁৱৰ পুৰণিগুদামৰ ভাতৃ ভগ্নী । ঢোল, পেঁপা, গগনা, তাল, সুতুলি আদি লৈ গুৱাহাটীলৈ বুলি ৰাওনা হ’বলৈ প্ৰস্তুত হ’ল দলটি ।

বিহু দলটিক লৈ গুৱাহাটীত উপস্থিত হৈছিল মৈমত টাটিঙা আৰু চেনিমাই আৰু গুৱাহাটীত বগা চাহাবৰ সন্মুখত দুই ভাতৃ-ভগ্নীৰ নেতৃত্বত দলটোৱে বিহু নৃত্য প্ৰদৰ্শন কৰি বিহু নৃত্য যে অশ্লীল নহয় তাক প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল । লগতে বিহু নৃত্যৰ ওপৰত ব্ৰিটিছে জাৰি কৰা নিষেধাজ্ঞা উঠাই ল'বলৈ বাধ্য কৰাইছিল মৈমত টাটিঙা আৰু চেনিমাইৰ নেতৃত্বৰ বিহু দলে । পৰৱৰ্তী সময়ত পুনৰ প্ৰচলন হ’ল বিহু নৃত্য ।

উল্লেখযোগ্য যে,নগাঁৱতে আজিও আছে প্ৰতিজন অসমীয়াক গৌৰাম্বিত কৰা মৈমত টাটিঙা, চেনিমাইৰ বংশ পৰিয়াল ।

লগতে পঢ়ক: চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কলিয়াবৰৰ এগৰাকী লোকশিল্পী - Deprived Of Govt Schemes

Last Updated : Apr 13, 2024, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.