সৰস্বতী পূজা উপলক্ষে প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 5:11 PM IST

thumbnail

তিনিচুকীয়া, ১৩ ফেব্ৰুৱাৰী : বুধবাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা, অৰ্থাৎ সৰস্বতী পূজা । সৰস্বতী পূজা উপলক্ষে ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকল ব্যস্ত হৈ পৰিছে ৷ সৰস্বতী পূজা বুলিলেই মনলৈ আহে বগৰী খোৱাৰ কথা, জাতীয় সাজপাৰ পৰিধান কৰি শিক্ষানুষ্ঠানলৈ গৈ সকলোৱে সমজুৱাভাৱে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ কথা ৷ সেইবোৰ দিন এতিয়া অতীত হ’ল ৷ আগৰ দিনৰ পূজা আৰু এতিয়াৰ পূজাৰ মাজত বহুত পাৰ্থক্য আহি পৰিল যেন অনুমান হয় ৷ বহু কিবাকিবি সলনি হ’ল, এতিয়ালৈকে সলনি নাই হোৱা যদি প্ৰতিমা নিৰ্মাণ কৰা কাৰ্যহে ৷ অৱশ্যে মৃৎ শিল্পীসকলৰ ভাষ্য অনুসৰি আগতকৈ বহু পৰিমাণে কমি গৈছে প্ৰতিমাৰ অৰ্ডাৰ  ৷

সৰস্বতী পূজাৰ বাবে বছৰজোৰা বিভিন্ন পৰিকল্পনা মনত পুহি ৰাখে ছাত্ৰ-ছাত্ৰীসকলে । পূজাৰ বহু সময়ৰ আগৰে পৰাই মৃৎশিল্পীসকলো এৰাব নোৱৰাৰ ব্যস্ততাৰ মাজত সোমাই পৰে সৰস্বতী মাৰ প্ৰতিমা নিৰ্মাণত ৷ আজি মৃৎশিল্পীসকল শেষ পৰশ দিয়াত ব্যস্ত ৷ বিগত প্ৰায় ৬০ বছৰৰো অধিক সময়ৰ পৰা প্ৰতিমা নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰি অহা তিনিচুকীয়াৰ বাপী দাসে এইবাৰ প্ৰায় ৬০ টা সৰস্বতী মাৰ প্ৰতিমা নিৰ্মাণ কৰিছে । সৰুৰ পৰা ডাঙৰলৈ যি আকাৰৰ প্ৰয়োজন হয় সকলো আকাৰৰ প্ৰতিমা নিৰ্মাণ কৰিছে বাপী দাসে ৷ কিন্তু বিগত বৰ্ষসমূহতকৈ এইবছৰ সৰস্বতী পূজাৰ প্ৰতিমাৰ ব্যৱসায় সিমান উন্নত নহয় বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক : সৰস্বতী পূজা: উখল-মাখল গুৱাহাটীৰ শিক্ষানুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.