মাজুলীত পুখুৰীত আৱদ্ধ এশিঙীয়া গঁড় - rhino roaming freely in majuli

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 11:07 AM IST

thumbnail

মাজুলী, 7 এপ্ৰিল: মিনি কাজিৰঙালৈ পৰিণত হৈছে মাজুলী । কেতিয়াবা যদি বনৰীয়া ম'হৰ আতংক, কেতিয়াবা হাতীৰ আতংক ৷ এইবাৰ আকৌ গঁড়ৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে স্থানীয় লোকসকলক । নামনি মাজুলীৰ চাৰিঘৰীয়াত গঁড়ৰ আতংক ।

জনাঞ্চলত এটা গঁড়ে বিচৰণ কৰা লক্ষ্য কৰাৰ পাচতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । সাধাৰণ ৰাইজৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত গঁড়টো এটা পুখুৰীত আৱদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে ৷ ফলত যিকোনো মুহূৰ্ততে যিকোনো ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰৱল কৰি তুলিছে । 

বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে, চাৰিটাকৈ গঁড়ে মাজুলীত মুক্ত বিচৰণ কৰি ফুৰিছে । যোৱা 19 ফেব্ৰুৱাৰীত ভকত চাপৰিত গঁড়ে এজন লোকক হত্যা কৰিছিল । সংশ্লিষ্ট বন বিভাগে গঁড়টো বনাঞ্চললৈ খেদি পঠাবৰ বাবে চেষ্টা চলাই আছে যদিও বাতৰি যুগুত কৰাৰ সময়লৈকে গঁড় খেদিবলৈ সক্ষম হোৱা নাই বন বিভাগ ।

লগতে পঢ়ক: কাজিৰঙাত বনৰক্ষীৰ গুলীত আহত চোৰাং চিকাৰী - KAZIRANGA POACHER ENCOUNTER

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.