মাজুলীত পুখুৰীত আৱদ্ধ এশিঙীয়া গঁড় - rhino roaming freely in majuli - RHINO ROAMING FREELY IN MAJULI

🎬 Watch Now: Feature Video

thumbnail
মাজুলীত গঁড়ৰ মুক্ত বিচৰণ (undefined)

By ETV Bharat Assamese Team

Published : April 7, 2024 at 11:07 AM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 7 এপ্ৰিল: মিনি কাজিৰঙালৈ পৰিণত হৈছে মাজুলী । কেতিয়াবা যদি বনৰীয়া ম'হৰ আতংক, কেতিয়াবা হাতীৰ আতংক ৷ এইবাৰ আকৌ গঁড়ৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে স্থানীয় লোকসকলক । নামনি মাজুলীৰ চাৰিঘৰীয়াত গঁড়ৰ আতংক ।

জনাঞ্চলত এটা গঁড়ে বিচৰণ কৰা লক্ষ্য কৰাৰ পাচতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । সাধাৰণ ৰাইজৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত গঁড়টো এটা পুখুৰীত আৱদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে ৷ ফলত যিকোনো মুহূৰ্ততে যিকোনো ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰৱল কৰি তুলিছে । 

বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে, চাৰিটাকৈ গঁড়ে মাজুলীত মুক্ত বিচৰণ কৰি ফুৰিছে । যোৱা 19 ফেব্ৰুৱাৰীত ভকত চাপৰিত গঁড়ে এজন লোকক হত্যা কৰিছিল । সংশ্লিষ্ট বন বিভাগে গঁড়টো বনাঞ্চললৈ খেদি পঠাবৰ বাবে চেষ্টা চলাই আছে যদিও বাতৰি যুগুত কৰাৰ সময়লৈকে গঁড় খেদিবলৈ সক্ষম হোৱা নাই বন বিভাগ ।

লগতে পঢ়ক: কাজিৰঙাত বনৰক্ষীৰ গুলীত আহত চোৰাং চিকাৰী - KAZIRANGA POACHER ENCOUNTER

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details