কাজিৰঙাত বনৰক্ষীৰ গুলীত আহত চোৰাং চিকাৰী - KAZIRANGA POACHER ENCOUNTER

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 7:06 PM IST

thumbnail

কাজিৰঙা, 5 এপ্ৰিল : কাজিৰঙাত বনৰক্ষীৰ গুলীত আহত এটা চোৰাং চিকাৰী ৷ গঁড় চিকাৰ কৰিবলৈ আহি বনৰক্ষীৰ গুলীত আহত হয় চোৰাং চিকাৰীটো ৷  

তথ্য অনুসৰি, হাতত গুলী লগা চিকাৰীটোক প্ৰাথমিক চিকিৎসাৰ অন্তত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহত চিকাৰীটো জনৈক আলি উপাধিৰ বুলি জানিব পৰা গৈছে ৷

ইফালে শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিচৰণ কৰা গঁড় খেদিবলৈ শূন্যলৈ গুলী ফুটাই বনকৰ্মীয়ে ৷ আসন্ন বিপদৰ পৰা ৰাজপথৰ দৰ্শনাৰ্থীক ৰক্ষা কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতীদণ্ডীৰ সমীপত শূন্যলৈ কৰ্তব্যৰত বনকৰ্মীয়ে গুলি ফুটাই পথৰ কাষৰ পৰা গঁড় খেদিবলৈ বাধ্য হয় । 

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহৰ বনাঞ্চলত শুকুৰবাৰে বিয়লি বিচৰণ কৰা গঁড়ে ৰাজপথৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰাত ৰাজপথত ভীষণ যানজঁটৰ সৃষ্টি হয় ৷ দৰ্শনাৰ্থীসকলে এই দৃশ্য নিজৰ ম’বাইল কেমেৰাত আৱদ্ধ কৰিবলৈ কাষ চাপিব বিচৰাত গঁড়ে ৰাজপথলৈকে চোঁচা মাৰি অহাত তহলদাৰী বনকৰ্মীয়ে শূন্যলৈ গুলী ফুটাই গঁড়কেইটা খেদি পঠায়।

লগতে পঢ়ক : কাছাৰত জব্দ 200 কোটি টকাৰ হেৰ’ইন - HEROIN SEIZED IN ASSAM

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.