কাছাৰত জব্দ 200 কোটি টকাৰ হেৰ’ইন - HEROIN SEIZED IN ASSAM - HEROIN SEIZED IN ASSAM

🎬 Watch Now: Feature Video

thumbnail
কাছাৰত জব্দ 200 কোটি টকাৰ হেৰ’ইন (undefined)

By ETV Bharat Assamese Team

Published : April 5, 2024 at 7:35 AM IST

|

Updated : April 5, 2024 at 9:24 AM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, 5 এপ্ৰিল : ড্ৰাগছ বিৰোধী অভিযানত অসম আৰক্ষীৰ বৃহৎ সাফল্য । শিলচৰ-মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথত কাছাৰৰ অন্তৰ্গত শিলডুবিত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় 21 কিলোগ্ৰাম হেৰ’ইন । মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলাই STF য়ে জব্দ কৰিছে হেৰ’ইনখিনি । লগতে ঘটনা সন্দৰ্ভত এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ সৰবৰাহকাৰীটো মিজোৰামৰ বুলি আৰক্ষীয়ে জনায় ।

জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য 200 কোটিৰো অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে । অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক তথা তদন্তকাৰী দলটোৰ মূৰব্বী পার্থসাৰথি মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান । কেইবাটাও পেকেটসহ 105 টা চাবোনৰ বাকচত মিজোৰামৰ পৰা লৈ অনা হৈছিল এই হেৰ’ইনখিনি । জব্দকৃত হেৰ’ইনখিনিৰ ওজন প্ৰায় 21 কি.গ্ৰা. ৷

ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ বাবে এয়া উত্তৰ-পূৱৰ আটাইতকৈ বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক: কাছাৰত দুই মহিলাসহ তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Drug Paddlers Arrested

Last Updated : April 5, 2024 at 9:24 AM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details