জখলাবন্ধাত সুদখোৰৰ সন্ত্ৰাস, অৱসৰপ্ৰাপ্ত শিক্ষকক হাৰাশাস্তি - Illegal money lender

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 7:59 PM IST

thumbnail

কলিয়াবৰ,১ এপ্ৰিল : অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতে ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । বহু সুদখোৰ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে । অৱশ্যে তাৰ মাজতে নগাঁও জিলাৰ জখলবন্ধাত এটা সুদখোৰে এজন অৱসৰপ্ৰাপ্ত শিক্ষকক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে । আৰক্ষীৰ নাম লৈ ভয় ভাবুকি দি সুদখোৰ বিপুল সন্দিকৈয়ে মানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষক মহেশ চন্দ্ৰ বৰঠাকুৰে ।

তেওঁ জনোৱা মতে চিকিৎসাজনিত কাৰণত অৱসৰপ্ৰাপ্ত শিক্ষকজনে ২০২৩ চনৰ জুলাই মাহত বিপুল সন্দিকৈৰ পৰা ১৫ শতাংশ সুদত ৭০ হাজাৰ টকা লৈছিল । ইতিমধ্যে তাৰ ৩০ হাজাৰ টকা সন্দিকৈক দিয়া বুলি দাবী কৰিছে প্ৰাক্তন শিক্ষকজনে । কিন্তু বিপুল সন্দিকৈয়ে দুখনকৈ উকা চেকপাতত চহী কৰাই দুই লক্ষাধিক টকা দাবী কৰিছে বুলি প্ৰাক্তন শিক্ষকজনে অভিযোগ কৰিছে । যাৰ বাবে জখলাবন্ধা আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী অৱসৰপ্ৰাপ্ত শিক্ষকজন । কিন্তু আৰক্ষীৰ ফালৰ পৰাও সঠিক সঁহাৰি নোপোৱাৰ অভিযোগ কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষকজনে ।

লগতে পঢ়ক :গোলাঘাটত পোহৰলৈ আহিছে সুদখোৰে ভাবুকিৰে হোটেল দখলৰ কাহিনী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.