পুত্ৰ বন্দী বিদ্ৰোহী শিবিৰত; ধনশিৰিত বিনাইছে মানস বৰগোহাঁইৰ পিতৃ-মাতৃয়ে

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 10:48 PM IST

Updated : Jan 29, 2024, 9:18 AM IST

thumbnail

সৰুপথাৰ, 28 জানুৱাৰী: আলফা(স্বা)ৰ শিবিৰত অসম আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে সৰুপথাৰৰ মানস বৰগোঁহাইৰ বিৰুদ্ধে । ধনশিৰি মহকুমাৰ মৰাণ গাঁৱৰ মানস বৰগোহাঁইক আলফা শিবিৰত বন্দী কৰি ৰাখিছে আলফা(স্বাঃ)নে ৷

কিছুদিন পূৰ্বে আলফা(স্বা)ত যোগদান কৰিছিল মানস বৰগোহাঁই নামৰ ধনশিৰি মহকুমাৰ মৰাণ গাঁৱৰ যুৱকজনে । উল্লেখ্য যে পিতৃ দেবেন বৰগোহাঁই আৰু মাতৃ ৰঞ্জু বৰগোহাঁইৰ একমাত্ৰ পুত্ৰ সন্তান মানস বৰগোহাঁই ৷

মানসে আৰক্ষীৰ হৈ চোৰাংচোৱা কৰা বুলি পিতৃ-মাতৃ জ্ঞাত নাছিল । আলফা(স্বা)এ তেওঁলোকৰ পুত্ৰক বন্দী কৰাৰ দৃশ্য সংবাদ মাধ্যমৰ জৰিয়তে প্ৰত্যক্ষ কৰি পৰেশ বৰুৱাৰ লগতে অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে দেবেন বৰগোহাঁই আৰু ৰঞ্জু বৰগোহাঁয়ে ৷

পুত্ৰক সু-শৰীৰে ঘৰলৈ পঠিয়াই দিবলৈ আলফা(স্বা)ৰ সৰ্বাধিনায়ক আৰু অসম আৰক্ষীক অনুৰোধ জনাইছে মানস বৰগোহাঁইৰ পিতৃ-মাতৃয়ে । পিতৃ-মাতৃয়ে হাতযোৰ কৰি পৰেশ বৰুৱাক পুত্ৰৰ দোষৰ বাবে ক্ষমাও বিচাৰিছে । উল্লেখ্য যে মানস বৰগোহাঁইৰ পিতৃ ভাৰতীয় সেনাবাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত জোৱান ।

লগতে পঢ়ক: আলফা স্বাধীনৰ শিবিৰত ধৰা পৰা মানস বৰগোঁহাই এছ আই নহয়: আৰক্ষীৰ স্পষ্টীকৰণ

Last Updated : Jan 29, 2024, 9:18 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.