আলফা স্বাধীনৰ শিবিৰত ধৰা পৰা মানস বৰগোঁহাই এছ আই নহয়: আৰক্ষীৰ স্পষ্টীকৰণ
Assam Police: আলফা(স্বা)ৰ শিবিৰত আৰক্ষীৰ চোৰাংচোৱা সন্দৰ্ভত স্পষ্টিকৰণ দিছে অসম আৰক্ষীয়ে ৷ উক্ত বাতৰি সম্পূৰ্ণ মিছা, বিভ্ৰান্তিকৰ আৰু উদ্দেশ্যপ্ৰণোদিত বুলি কৈছে আৰক্ষীয়ে ৷

Published : January 28, 2024 at 10:10 PM IST
|Updated : January 29, 2024 at 9:38 AM IST
গুৱাহাটী, ২৮ জানুৱাৰী : আলফা(স্বা)ত আৰক্ষীৰ চোৰাংচোৱা সন্দৰ্ভত প্ৰকাশ পোৱা বাতৰি ভুৱা বুলি স্পষ্টীকৰণ দিছে আৰক্ষীয়ে ৷ দেওবাৰে এক ভিডিঅ’যোগে আলফা(স্বা)এ প্ৰকাশ কৰা যুৱকজন আৰক্ষী জোৱান নহয় বুলি প্ৰকাশ কৰিছে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ৷
অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিখন উল্লেখ কৰে, ‘‘আলফা (স্বা)ৰ কেম্পত বন্দী আৰক্ষীৰ চোৰাংচোৱা’ শীৰ্ষক এক বাতৰি কিছুসংখ্যক বৈদ্যুতিন মাধ্যমত প্ৰচাৰিত হোৱা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ দৃষ্টিগোচৰ হৈছে । বাতৰিটোত মানস বৰগোঁহাই নামৰ আলফা (স্বা) সদস্য এজনক অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়া বুলি উল্লেখ কৰা হৈছে ।’’
ইয়াৰোপৰি প্ৰেছ বিজ্ঞপ্তটোত উল্লেখ কৰা হৈছে, ‘‘ উক্ত বক্তব্য সম্পূর্ণ মিথ্যা । মানস বৰগোঁহাই নামৰ কোনো ব্যক্তিক অসম আৰক্ষীৰ বিশেষ শাখাত ২০২১ বৰ্ষত মকৰল কৰা হোৱা নাই আৰু অসম আৰক্ষীৰ ফালৰ পৰা তেনে কোনো ব্যক্তিক আলফা (স্বা) কেম্পলৈ পঠোৱা হোৱা নাই । অসম আৰক্ষীৰ সম্পৰ্কে বাতৰিটোত পৰিৱেশিত সকলোবোৰ কথা সম্পূর্ণ মিছা, বিভ্ৰান্তিকৰ আৰু উদ্দেশ্যপ্ৰণোদিত ।’’
-
প্রেছ বিজ্ঞপ্তি@DGPAssamPolice @gpsinghips pic.twitter.com/SWoX8B9HwU
— Assam Police (@assampolice) January 28, 2024 " class="align-text-top noRightClick twitterSection" data="
">প্রেছ বিজ্ঞপ্তি@DGPAssamPolice @gpsinghips pic.twitter.com/SWoX8B9HwU
— Assam Police (@assampolice) January 28, 2024প্রেছ বিজ্ঞপ্তি@DGPAssamPolice @gpsinghips pic.twitter.com/SWoX8B9HwU
— Assam Police (@assampolice) January 28, 2024
উল্লেখ্য যে দেওবাৰে আলফা(স্বা)এ প্ৰকাশ কৰা ভিডিঅ’টোত মানস বৰগোঁহাই নামৰ এগৰাকী যুৱকে নিজকে অসম আৰক্ষীৰ চোৰাংচোৱা বুলি মন্তব্য কৰিছিল ৷ তেওঁক অসম আৰক্ষীয়ে প্ৰশিক্ষণ প্ৰদান কৰি আলফা(স্বা)লৈ পঠিওৱা বুলি মন্তব্য কৰিছিল ৷
মানস বৰগোঁহাই আৰক্ষীৰ চোৰাংচোৱা বুলি ধৰা পৰাৰ পিচতে আলফা(স্বা)এ সংগঠনৰ সংবিধান অনুসৰি শাস্তি প্ৰদান কৰাও দেখা গৈছিল বিশেষ ভিডিঅ’টোত ৷ ইয়াৰ পিচতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্পষ্টিকৰণ দিছে অসম আৰক্ষীয়ে ৷ এক্সযোগে অসম আৰক্ষীয়ে প্ৰেছ বিজ্ঞপ্তিটো প্ৰচাৰ কৰি মানস বৰগোঁহাইৰ প্ৰতিটো কথা মিছা বুলি উল্লেখ কৰিছে ৷
লগতে পঢ়ক: আলফা(স্বা) শিবিৰত গুপ্তচৰ: ভিডিঅ’ বাৰ্তাযোগে চাঞ্চল্যকৰ ভাষ্য মানস বৰগোঁহাইৰ

