ETV Bharat / state

আলফা(স্বা) শিবিৰত গুপ্তচৰ: ভিডিঅ’ বাৰ্তাযোগে চাঞ্চল্যকৰ ভাষ্য মানস বৰগোঁহাইৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 4:47 PM IST

Spy in ULFA I Camp: আলফা(স্বা) শিবিৰত ধৰা পৰিছে আৰক্ষীৰ গুপ্তচৰ ৷ এক ভিডিঅ’যোগে এই কথা জানিবলৈ দিছে নিষিদ্ধ সংগঠনটোৱে ৷ যৌনশিক্ষা প্ৰদান কৰি আলফা(স্বা)ৰ নেতাক প্ৰলোভিত কৰাৰ বাবে যুৱতীকো প্ৰক্ষেপ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

ULFA I Camp
আলফা(স্বা)ৰ শিবিৰত আৰক্ষীৰ গুপ্তচৰ!

আলফা(স্বা)ৰ শিবিৰত আৰক্ষীৰ গুপ্তচৰ!

নিউজ ডেস্ক, 28 জানুৱাৰী: পুনৰ আলফা(স্বা)ৰ শিবিৰত ধৰা পৰিছে অসম আৰক্ষীৰ গুপ্তচৰ ৷ অসম আৰক্ষীয়ে প্ৰক্ষেপ কৰা গুপ্তচৰ আলফা(স্বা)ৰ ম্যানমাৰস্থিত চলমান শিবিৰত ধৰা পৰাৰ পিচতে এক বিস্ফোৰক ভিডিঅ’ লাভ কৰা গৈছে ৷ উক্ত ভিডিঅ’ত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰ হোৱা যুৱকজনে উত্থাপন কৰিছে বহুকেইটা চাঞ্চল্যকৰ অভিযোগ ৷ ইয়াৰে অন্যতম অভিযোগ হ’ল কেইবাগৰাকীও যুৱতীক বিশেষভাৱে যৌন শিক্ষা প্ৰদান কৰি প্ৰক্ষেপ কৰা হৈছে আলফা(স্বা)ৰ শিবিৰলৈ ৷

সৌ সিদিনা আলোচনাপন্থী আলফাৰ সৈতে চুক্তি স্বাক্ষৰিত কৰাৰ পিচত কিছুদিন পূৰ্বে ভংগ হ’ল আলফা ৷ কিন্তু এতিয়াও লক্ষ্যত স্থিৰ হৈ আছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বা) ৷ আলফাৰ লগত চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত আলফা(স্বা)ৰ সৈতেও আলোচনাত মিলিত হোৱাৰ পোষকতা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কোনো কোনো সময়ত আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ মন্তব্যয়ো যেন ইংগিত দিয়ে স্বৰ্ত সাপেক্ষে আলোচনাত বহাৰ সম্ভাৱনা আছে নিষিদ্ধঘোষিত পন্থটো ৷

সমস্যা সমাধানৰ সূত্ৰ বিচাৰি থকাৰ সময়তে আৰক্ষীৰ কেইবাগৰাকীও গুপ্তচৰ আলফা(স্বা)ত থকাৰ কথা পোহৰলৈ আহিছে ৷ আৰক্ষীয়ে প্ৰক্ষেপ কৰা গুপ্তচৰৰ দলটোৰ এগৰাকী ধৰা পৰা পিচতে কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মানস বৰগোঁহাই নামৰ গুপ্তচৰগৰাকীয়ে ৷

আলফা(স্বা)এ প্ৰকাশ কৰা ভিডিঅ’টোত মানস বৰগোঁহায়ে দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁৰ ঘৰ গোলাঘাটত ৷ অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ-পৰিদৰ্শক মানস বৰগোঁহাই ৷ অসম আৰক্ষীত যোগদান কৰাৰ পিচত 2021 চনত মানস বৰগোঁহাইক দায়িত্ব দিয়া হৈছিল আলফা(স্বা)ৰ বিৰুদ্ধে কাম কৰাৰ বাবে ৷ তাৰ বাবে প্ৰথম অৱস্থাৰ পৰাই মানস বৰগোঁহাইক নাটকীয়ভাৱে ব্যৱহাৰ কৰা হৈছিল যাতে আলফা(স্বা)ৰ লোকে বিনাদ্বিধাই তেওঁৰ লগতে যোগাযোগ কৰিব পাৰে ৷

সেই দায়িত্ব লাভৰ পিচতে মানস বৰগোঁহায়ে সুচাৰুৰূপে অভিনয় কৰি যোৱাৰ লগতে নাটকীয়ভাৱে আৰক্ষীয়ে তেওঁক একাধিকবাৰ গ্ৰেপ্তাৰো কৰিছিল বুলি মন্তব্য কৰে ৷ ফলত তেওঁ আলফা(স্বা)ৰ বিশ্বাস লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰিছে দেওবাৰে আলফা(স্বা)এ প্ৰকাশ কৰা ভিডিঅ’টোত ৷

ইয়াৰ পিচতে তেওঁ যোৱা নৱমেম্বৰ মাহত আলফা(স্বা)ত যোগদান কৰে ৷ আলফা(স্বা)ত যোগদান কৰাটোও আলফা(স্বা)ৰ বিৰুদ্ধে চলোৱা মিশ্যনৰে অংশ আছিল, তাত জাতিপ্ৰেম নাছিল বুলি মন্তব্য কৰে মানস বৰগোঁহায়ে ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি মিশ্যনটোৰ বাবে প্ৰত্যক্ষভাৱে পঠাইছিল অসম আৰক্ষীৰ মানস চলিহা আৰু দিগন্ত পাণ্ডেই ৷ পৰোক্ষভাৱে প্ৰক্ষেপ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু উপ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তই ৷ তদুপৰি 2021 চনত তেতিয়াৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কথাও কৈছে মানস বৰগোঁহায়ে ৷

মানস বৰগোঁহাইসহ মুঠ সাতগৰাকী অসম আৰক্ষীৰ জোৱানক বিশেষ প্ৰশিক্ষণ দিয়া হৈছিল গুপ্তচৰ হিচাপে প্ৰক্ষেপ কৰাৰ পূৰ্বে ৷ বেলতলাৰ অজন্তা পথত থকা এনক্লেভত দিয়া হৈছিল প্ৰশিক্ষণ ৷ একাংশক ৰাজ্যৰ বাহিৰতো প্ৰশিক্ষণ দিয়াৰ কথা উল্লেখ কৰিছে মানস বৰগোঁহায়ে ৷

বায়’মেটিক্সৰ ওপত বিশেষ প্ৰশিক্ষণ দিয়া হৈছিল মানস বৰগোঁহাইক ৷ ইয়াৰ জৰিয়েত কিদৰে এটুকুৰা ঠাই জিৰ’ ছিগনেল জ’ন কৰিব পাৰি, আলফা(স্বা)ৰ চিষ্টেম ধ্বংস কৰিব পাৰি তাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল ৷ আলফা(স্বা)ৰ চিষ্টেম ব্যৱহাৰ কৰি বেলেগ ৰাষ্ট্ৰৰ সন্মুখত সংগঠনটোৰ কিদৰে বদনাম কৰিব পাৰি তাৰ বাবেও প্ৰশিক্ষণ দিয়া হৈছিল বুলি উল্লেখ কৰে মানস বৰগোঁহায়ে ৷

সবাতোকৈ ডাঙৰ অভিযোগটো হ’ল যে আৰক্ষীয়ে গুপ্তচৰ হিচাবে পঠিওৱাসকলৰ ভিতৰত কেইবাগৰাকীও আছে যুৱতী ৷ অভিযোগ অনুসৰি তেওঁলোকক যৌন শিক্ষা প্ৰদান কৰি পঠিওৱা হৈছিল আলফা(স্বা)ৰ শিবিৰলৈ ৷ যাতে তেওঁলোকে নিষিদ্ধ সংগঠনটোৰ নেতা-বিষয়াক প্ৰলোভিত কৰিব পাৰে ৷ নেতাসকলক যুৱতীসকলৰ প্ৰতি প্ৰলোভিত কৰি শিৱিৰত যাতে বিভেদৰ সৃষ্টি কৰিব পাৰে তাৰ পৰিকল্পনা কৰা হৈছিল বুলি উল্লেখ কৰিছে মানস বৰগোঁহায়ে ৷

উল্লেখ্য যে আলফা(স্বা) বিৰোধী এই অভিযানৰ বাবে অসম আৰক্ষীৰ জোৱানকেইগৰাকীক তৃষ্ণা সন্দিকৈ আৰু মানস চলিহাই প্ৰশিক্ষণ দিছিল বুলি জানিবলৈ দিছে ইতিমধ্যে আলফা(স্বা)ৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা মানস বৰগোঁহায়ে ৷

লগতে পঢ়ক: সদ্যভংগ আলোচনাপন্থী আলফা গোটৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.