ETV Bharat / state

সদ্যভংগ আলোচনাপন্থী আলফা গোটৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 9:28 PM IST

Disbanded ULFA: সদ্যভংগ আলফাৰ প্ৰাক্তন নেতাৰে আলোচনাত মিলিত হ’ল মুখ্যমন্ত্ৰী ৷ প্ৰাক্তন কেডাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত বিশেষকৈ কৰা হয় আলোচনা ৷

Disbanded Ulfa
সদ্যভংগ আলোচনাপন্থী আলফা গোটৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

গুৱাহাটী, ২৫ জানুৱাৰী: মঙলবাৰে ভংগ হৈছিল আলফা ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই দিছপুৰৰ লোকসেৱা ভৱনত আলফাৰ আলোচনাপন্থী গোটৰ সৈতে মিলিত হ’ল বৈঠকত ।

আলোচনাপন্থী গোটৰ ১৩ জনীয়া প্ৰতিনিধি দলৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰাক্তন কেডাৰসকলৰ পুনৰ সংস্থাপনৰ বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বৈঠকত প্ৰাক্তন সদস্যসকলৰ এক সম্মানজনক জীৱন যাপনত সহায়ৰ বাবে প্ৰতিনিধি দলটোৱে উত্থাপন কৰা দাবীসমূহৰ ওপৰত আলোচনা কৰা হয় ।

দাবীসমূহ অৱগত হৈ লগেলগে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দাবীসমূহ ক্ষিপ্ৰতাৰে মীমাংসা কৰি পুনৰসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় । তেওঁ কয় যে প্ৰাক্তন কেডাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক এক সম্মানজনক জীৱন-যাপন কৰাত সহায় কৰাৰ বাবে তেওঁলোকৰ বিষয়সমূহ ইতিবাচক উদ্দেশ্যৰে চোৱা-চিতা কৰা হ'ব ।

মুখ্যমন্ত্ৰী ড৹ শর্মাই লগতে কয় যে যোৱা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলফাৰ আলোচনাপন্থী গোটৰ মাজত স্বাক্ষৰিত হোবা ত্ৰি-পাক্ষিক বুজাবুজিৰ চুক্তিখন ক্ষিপ্ৰতাৰে ৰূপায়ণৰ বাবে তেওঁ আন্তৰিকতাৰে কার্যব্যৱস্থা গ্ৰহণ কৰিব । প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰিছিল সভাপতি ৰাজীৱ ৰাজকোঁৱৰ আৰু সাধাৰণ সম্পাদক গোলাপ বৰুৱাই ।

বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পুৰুষোত্তম দাস যোশী, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথকে ধৰি গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়াবর্গও উপস্থিত থাকে ।

উল্লেখ্য যে আলফাৰ আলোচনাপন্থী গোটৰ সৈতে 2023 বৰ্ষৰ 29 ডিচেম্বৰত সাক্ষৰিত হৈছিল অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিত চুক্তি ৷ ইয়াৰ পিচতে চলিত বৰ্ষৰ 23 জানুৱাৰীত আনুষ্ঠানিকভাৱে ভংগ হৈছিল আলফা ৷ সংগঠনটো ভংগ হোৱাৰ পিচতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হয় সদ্যভংগ আলফাৰ প্ৰাক্তন সদস্যসকল ৷

লগতে পঢ়ক: ৪৪ বছৰীয়া সংগ্ৰামৰ অন্তত ভংগ আলফা : জাতীয় বিকাশ পৰিষদ গঠনৰ ঘোষণা অনুপ চেতিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.