ETV Bharat / state

৪৪ বছৰীয়া সংগ্ৰামৰ অন্তত ভংগ আলফা : জাতীয় বিকাশ পৰিষদ গঠনৰ ঘোষণা অনুপ চেতিয়াৰ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 5:47 PM IST

ULFA defunct : ২৯ ডিচেম্বৰত দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত স্বাক্ষৰিত হয় ত্ৰিপাক্ষিক শান্তিচুক্তি ৷ দৰঙৰ চমুৱাপাৰাত আজি আনুষ্ঠানিকভাৱে ভংগ হ'ল সংযুক্ত মুক্তি বাহিনী ।

ULFA in Assam
সংযুক্ত মুক্তি বাহিনী (অসম)
সংযুক্ত মুক্তি বাহিনী (অসম)

দৰং, ২৩ জানুৱাৰী : সুদীৰ্ঘ ৪৪ বছৰীয়া সংগ্ৰামৰ পিছত আজি আনুষ্ঠানিকভাৱে ভংগ হ'ল আলফা । মঙলবাৰে দৰঙৰ চমুৱাপাৰাত আনুষ্ঠানিকভাৱে সংযুক্ত মুক্তি বাহিনী (অসম) ভংগৰ কথা ঘোষণা কৰে সভাপতি অৰবিন্দ ৰাজখোৱাই । লগে লগে সংগঠনটোৰ সকলোকে একলগ কৰি ৰখাৰ স্বাৰ্থত আজিৰে পৰা 'জাতীয় বিকাশ পৰিষদ' নামেৰে এটা অৰাজনৈতিক সংগঠনৰ জন্মৰ কথা ঘোষণা কৰে আলফাৰ সাধাৰণ সম্পাদক গোলাপ বৰুৱা ওৰফে অনুপ চেতিয়াই ।

কাজিৰঙাত যোৱা অক্টোবৰৰ শেহৰফালে অনুষ্ঠিত এক বৈঠকত আলফা নেতৃত্বই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিচতেই আনুষ্ঠানিকভাৱে ভংগ হয় সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা ৷ ইয়াৰ লগে লগে আৱেগিক হৈ পৰিল আলফাৰ নেতৃত্ব তথা সদস্য সকল । উল্লেখ্য় যে যোৱা ২৯ ডিচেম্বৰত দিল্লীত কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ আৰু আলফাৰ মাজত হোৱা চুক্তি অনুসৰি ভংগ কৰা হয় আলফা । এই সংগঠনটো ভংগ হোৱাৰ পিচতে গঠন হ'ব এটা নতুন অৰাজনৈতিক সংগঠন 'জাতীয় বিকাশ পৰিষদ'। মঙলদৈৰ চমুৱাপাৰাৰ শিৱিৰত এই সিদ্ধান্ত গ্ৰহণ কৰে আলফা নেতৃত্বই । আজিৰ এই অনুষ্ঠানটোত সভাপতি অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, ৰাজু বৰুৱা, প্ৰনতি ফুকন, শশ চৌধুৰী, প্ৰদীপ গগৈ, প্ৰাণজিত শইকীয়াকে ধৰি প্ৰায় সংখ্যক নেতাই উপস্থিত থাকে ।

ইপিনে, আলফা ভংগ হ'লেও বৰ্তমানেও আলফালৈ যুৱক সকল গৈ থকা সন্দৰ্ভত অনুপ চেতিয়াই কয়, "আলফালৈ যুৱক সকল যাবই, ইয়াক কোনেও বাধা দি ৰাখিব নোৱাৰে । সংযুক্ত মুক্তি বাহিনী (অসম) আজিৰে পৰা আনুষ্ঠানিকভাৱে ভংগ হ'ল । অৱশ্যে পৰেশ বৰুৱাৰ নেতৃত্বত আলফা স্বাধীন চলি আছে আৰু তাত এতিয়াও সদস্য ভৰ্তি হৈয়ে আছে । পৰেশ বৰুৱাও আলোচনালৈ আহিব বুলি বিশ্বাস ৰাখি আমি কৰিব নোৱাৰা কামখিনি চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ সেইখিনি আনিব পাৰিম । " ইপিনে, অনুপ চেতিয়াক মুখ্য আহ্বায়ক হিচাবে লৈ এইটো নতুন সংগঠন আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক:অৰণ্যৰ পৰা নৰ্থ ব্লকলৈ: 12 বছৰীয়া প্ৰচেষ্টাৰে 44 বছৰীয়া পৰিক্ৰমাৰ অৰ্ধসমাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.