অসুস্থ অৱস্থাত দুষ্প্ৰাপ্য ঈগল উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 6:33 PM IST

thumbnail

বঙাইগাঁও,৬ ফেব্ৰুৱাৰী: যিসময়ত একাংশই পক্ষী নিধনত উঠিপৰি লাগিছে তেনেসময়তে বঙাইগাঁৱত পক্ষীপ্ৰেমৰ অপূৰ্ব নিদৰ্শন । বঙাইগাঁও জিলাৰ চক্ৰভৌম গাঁৱৰ এখন পথাৰত স্থানীয় ৰাইজে অসুস্থ অৱস্থাত উদ্ধাৰ কৰে এটা দুষ্প্ৰাপ্য ঈগল চৰাই । স্থানীয় ৰাইজে পক্ষীপ্ৰেম দেখুৱাই দুষ্প্ৰাপ্য চৰাইটোক উদ্ধাৰ কৰি লৈ যায় সৃজনগ্ৰাম খণ্ড পশু চিকিৎসালয়লৈ ।  

পশু চিকিৎসালয়খনৰ চিকিৎসকে অসুস্থ ঈগল চৰাইটোৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰি বন বিভাগৰ লোকক চমজাই দিয়ে । ইতিমধ্যে বন বিভাগৰ লোকে চৰাইটোক উদ্ধাৰ কৰি তেওঁলোকৰ ফালৰ পৰাও উন্নত চিকিৎসাৰ প্ৰদান কৰে । বন বিভাগে জনোৱা অনুসৰি চৰাইটো সুস্থ হ'লে পুনৰায় নিৰ্দিষ্ট অঞ্চলত এৰি দিয়া হ'ব । যিসময়ত একাংশ দুস্কৃতিকাৰীয়ে দুস্প্ৰাপ্য পক্ষী নিধন কৰি আহিছে সেই সময়তে বঙাইগাঁৱবাসীৰ পক্ষীপ্ৰেপ সঁচাকৈয়ে প্ৰশংসনীয় । 

লগতে পঢ়ক: সৰুপথাৰৰ জ্যোতিৰ্ময় বৰগোঁহাইলৈ ৰাষ্ট্ৰীয় প্ৰেৰণা দূত বঁটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.