ETV Bharat / state

সৰুপথাৰৰ জ্যোতিৰ্ময় বৰগোঁহাইলৈ ৰাষ্ট্ৰীয় প্ৰেৰণা দূত বঁটা

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 5:30 PM IST

Award to Jyotirmoy Borgohain: সৰুপথাৰৰ এজন যুৱকৰ সাফল্য । ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হল সৰুপথাৰ ১ নং পদুমনি অঞ্চলৰ ছাত্ৰ জ্যোতিৰ্ময় বৰগোঁহাই । জ্যোতিৰ্ময়ে লাভ কৰে ফেইচ অৱ ফিউচাৰ ইণ্ডিয়াই প্ৰদান কৰা ৰাষ্ট্ৰীয় প্ৰেৰণা দূত বঁটা । ৩ ফেব্ৰুৱাৰী, শনিবাৰে এই বঁটা গ্ৰহণ কৰে এই বঁটা ।

Rastrya Prerana Dut Award to Jyotirmoy Borgohain of Sarupathar
সৰুপথাৰৰ জ্যোতিৰ্ময় বৰগোঁহাইলৈ ৰাষ্ট্ৰীয় প্ৰেৰণা দূত বঁটা

সৰুপথাৰ,৬ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিবলৈ সক্ষম হল সৰুপথাৰ ১ নং পদুমনি অঞ্চলৰ ছাত্ৰ জ্যোতিৰ্ময় বৰগোঁহাই । ছাত্ৰজনে লাভ কৰে ফেচ অৱ ফিউচাৰ ইণ্ডিয়াই প্ৰদান কৰা ৰাষ্ট্ৰীয় প্ৰেৰণা দূত বঁটা । জ্যোতিৰ্ময়ে তেওঁ সামাজিক ক্ষেত্ৰত আগবঢ়োৱা বিভিন্ন সেৱা আৰু কৰ্মৰাজিৰ বাবে এই বঁটা লাভ কৰিছে । বিহাৰৰ চাপৰা জিলাৰ উত্তৰী দহিয়াবন তোলাত অনুষ্ঠিত অষ্টম সংখ্যক বাৰ্ষিক নেশ্যনেল য়ুথ এক্সচেঞ্জ অনুষ্ঠানত তেওঁ ৩ ফেব্ৰুৱাৰী, শনিবাৰে এই বঁটা গ্ৰহণ কৰে ।

কিছুদিন পূৰ্বে জ্যোতিৰ্ময় বৰগোহাঁইয়ে সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংগঠন ইয়ংগিস্তান ফাউণ্ডেশ্যনে আগবঢ়োৱা ছচিয়েল এক্টিভিষ্ট কেটেগৰিত 'প্ৰাইড অৱ ইয়ং হিন্দুস্থান-২০২৪' বঁটা লাভ কৰিছিল । সৰুপথাৰ নগৰৰ ১নং পদুমনিৰ বাসিন্দা সুনীল বৰগোহাঁই আৰু ইন্দিৰা বৰাৰ পুত্ৰ জ্যোতিৰ্ময় বৰগোঁহাই বৰ্তমান যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু কৃষি ব্যৱস্থাপনা বিভাগৰ স্নাতকোত্তৰ পৰ্যায়ৰ অধ্যয়নৰত ছাত্ৰ ।

ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি থকা সময়ৰ পৰাই জ্যোতিৰ্ময়ে সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ অসম চৰকাৰৰ অন্তৰ্গত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমৰ তৰফৰ পৰা ২০২০-২১ বৰ্ষৰ স্বেচ্ছাসেৱক শ্ৰেণীত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ 'অসম ৰাজ্যিক' বঁটা পাবলৈও সক্ষম হৈছিল ৷ ছাত্ৰজনে শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি থকা সময়ত সাধাৰণ সম্পাদক আৰু সাংস্কৃতিক সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে চি কে এন কে এইচ ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমিতিত সাধাৰণ সম্পাদক হিচাপে সেৱা আগবঢ়াই আছে ৷ বৰ্তমান তেওঁ সৰুপথাৰ অঞ্চলৰ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি । ক'ভিড মহামাৰীৰ সময়তো জ্যোতিৰ্ময়ে টীকাকৰণ শিবিৰত চিকিৎসা কৰ্মীসকলক সহায়ৰ হাত আগবঢ়াইছিল । তেওঁ প্ৰয়োজনীয় লোকক ৰক্তদান কৰা বা আৰ্তজনক ৰক্তদাতা বিচাৰি উলিয়াই সহায় কৰাৰ ক্ষেত্ৰত সদায় আগবাঢ়ি যায় ।

এইসমূহৰ উপৰিও তেওঁ সৰুপথাৰ অঞ্চলত দুজন বন্ধুৰ সৈতে মিলি সৰুপথাৰ মহাবিদ্যালয়, সৰুপথাৰ আৰক্ষী থানা, সৰুপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰেংমা সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰি সুস্থ সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ গঢ়াৰ যত্ন কৰিছিল । ২০২০-২১ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ পেৰেডত নিজৰ ৰাজ্যক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছিল । জ্যোতিৰ্ময়ৰ অভূতপূৰ্ব সফলতাত পিতৃ-মাতৃৰ লগতে সমগ্ৰ ধনশিৰি মহকুমাবাসী পুনৰ গৌৰৱান্বিত হৈ পৰিছে ।

লগতে পঢ়ক: অতুল বৰাৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ৬ কোটি টকাৰ ৰঙালাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.