ETV Bharat / state

অতুল বৰাৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ৬ কোটি টকাৰ ৰঙালাও

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 1:12 PM IST

Updated : Feb 6, 2024, 1:54 PM IST

Agricultural Revolution: বোকাখাতত সেউজ বিপ্লৱ । এইবাৰ বোকাখাতৰ পৰা বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ সাজু কৰিছে প্ৰায় ৬ কোটি টকাৰ ৰঙালাও । ৰাজীৱ ছেত্ৰী নামৰ এজন শিক্ষিত যুৱকে গঢ়ি তুলিছে সেউজীয়া উপত্যকা ।

Agricultural Revolution in Bokakhat
অতুল বৰাৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ৬ কোটি টকাৰ ৰঙালাও
অতুল বৰাৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ৬ কোটি টকাৰ ৰঙালাও

বোকাখাত,৬ ফেব্ৰুৱাৰী : কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত কৃষি ক্ষেত্ৰত আশাৰ সঞ্চাৰ । এইবাৰ বোকাখাতৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যাব প্ৰায় ৬ কোটি টকাৰ ৰঙালাও । সেয়ে বোকাখাত সমষ্টিটোৰ ৯০০ যুৱ কৃষকক লৈ সংগঠিত বিহংগম কৃষি উৎপাদন কোম্পানীৰ সদস্যসকলকৰ এতিয়া ব্যস্ততাৰ সীমা নাই । বিহংগম কৃষি উৎপাদন কোম্পানীৰ সঞ্চালক দেৱেন্দ্ৰ বাৰুকীয়ালে এই কথা উল্লেখ কৰে ।

যি সময়ত একাংশ যুৱকে কৰ্ম সংস্থাপন বিছাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে কোম্পানীৰ চাকৰি এৰি বোকাখাত সমষ্টিৰ মৰিয়াহোলাত কৃষি বিপ্লৱ ৰাজীৱ ছেত্ৰীৰ । এতিয়া মৰিয়াহোলাৰ চ'গুৰি চাপৰিত ৰাজীৱে সজাই তুলিছে সেউজীয়াৰ উপত্যকা । শিক্ষিত নিবনুৱা যুৱক ৰাজীৱ ছেত্ৰীয়ে এদিন ঘৰৰ একমাত্ৰ গাইজনী বিহৰা বজাৰত বিক্ৰী কৰি নামনিমুৱা ৰে'লৰ টিকট কাটি ভোকে লঘোনে পাইছিলগৈ বেংগালুৰু ।

৫ হাজাৰ টকাৰ দৰমহাৰে দুদিনমান চাকৰি কৰাৰ পাচতে নিজৰ যোগ্যতাৰ বলত বেংগালুৰুতে থকা এন টি টি কমিউনিকেচন, নেটমেজিক ডাটা চেন্টাৰ নামৰ জাপানৰ এটা কোম্পানীৰ অধীনত চাকৰি লাভ কৰে । ৩০ হাজাৰকৈ মাহিলী দৰমহাৰ লগতে লাভ কৰিছিল অন্যান্য সা সুবিধা । পিচে পিতৃৰ বিয়োগৰ পাচত অকলশৰীয়া মাতৃক সংগ দিবলৈ কোম্পানীৰ লোভনীয় চাকৰি এৰি গুচি আহে জন্মভূমি মৰিয়াহোলাৰ চ'গুৰিৰ ঘৰলৈ ।

কৃষিৰ দ্বাৰা লখিমীৰ সন্ধান পোৱা ৰাজীৱ ছেত্ৰী এতিয়া সফল কৃষক । কৃষিৰ উৎপাদিত ফচল বিক্ৰী কৰি নিজা মূলধনেৰ ৮ লাখ টকাৰে কিনিছে ট্ৰেক্টৰ । এইবাৰো কৰিছে ৭০ বিঘা মাটিত ৰবি খেতি । ২০ বিঘা সৰিয়হ, ৩৫ বিঘা মাটিমাহ আৰু বাকী মাটিত কৰিছে বেঙেনা, জলকীয়া, ভোট জলকীয়া, ডাংবদি, তিতা কেৰেলাকে ধৰি বিভিন্ন খেতি । ১৬ বিঘা মাটিত কৰিছে ৰঙালাও, আছে এখন নেমু বাৰীও ।

কোম্পানীৰ চাকৰি এৰি খেতিত ধৰা ৰাজীৱ ছেত্ৰী এতিয়া অঞ্চলটোৰ আদৰ্শ কৃষক । ৰাজীৱক দেখি বহু যুৱকে এতিয়া ধৰিছে কৃষি কৰ্মত । এই ৭০ বিঘা মাটিত খেতি কৰোতে ৰাজীৱৰ ৮০/৯০ হাজাৰ টকা ব্যয় হ'লেও কমেও ৭/৮ লাখ টকা লাভ হ'ব বুলি দৃঢ় বিশ্বাস তেওঁৰ । জীৱিকাৰ আঁত বিচাৰি ৫ বছৰৰ আগতে আৰম্ভ কৰে কৃষি কৰ্ম । কৃষিৰ উৎপাদিত ফচল বিক্ৰী কৰি নিজা মূলধনৰ ৮ লাখ টকাৰে কিনিছে ট্ৰেক্টৰ ।

এইবাৰো কৰিছে ৭০ বিঘা মাটিত ৰবি খেতি । ২০ বিঘা সৰিয়হ, ৩৫ বিঘা মাটিমাহ আৰু বাকী মাটিত কৰিছে বেঙেনা, জলকীয়া, ভোট জলকীয়া, ডাংবদি, তিতা কেৰেলাকে ধৰি বিভিন্ন খেতি । ১৬বিঘা মাটিত আছে ৰঙালাও । ইতিমধ্যে মাটিমাহ বিক্ৰী কৰি লাভ কৰিছে ৩ লাখ ৫০ হাজাৰ টকা । সৰিয়হৰ পৰা লাভ কৰিব কমেও ৭০ হাজাৰ টকা । ৰঙালাওৰ পৰা পাব কমেও ৪ লাখ ।

ৰাজীৱে জনোৱা অনুসৰি তেওঁৰ পিতৃ আছিল ম'হ পালক । পিতৃৰ বিয়োগৰ পাছত বিক্ৰী কৰি দিছিল ম'হ । এতিয়া পিতৃৰ স্মৃতি সজীৱ কৰিবৰ বাবে পুনৰ কিনিছে কেইবিজনীও মাইকী ম'হ । এতিয়া গাখীৰৰ উৎপাদনো ভাল । ৰাজীৱক দেখি বহু যুৱকে এতিয়া ধৰিছে কৃষি কৰ্মত । এই ৭০ বিঘা মাটিত খেতি কৰোতে ৰাজীৱৰ ৮০/৯০ হাজাৰ টকা ব্যয় হ'লেও কমেও ৭/৮ লাখ টকা লাভ হ'ব বুলি দৃঢ় বিশ্বাস তেওঁৰ ।

মৰিয়াহোলাৰ সাৰুৱা মাটিত ইচ্ছা কৰিলে বছৰত ১০টা খেতি কৰিব পাৰি বুলি জনালে ৰাজীৱে । সেহতীয়াকৈ কৃষি মন্ত্ৰী অতুল বৰাৰ দৃষ্টি আকৰ্ষণ কৰিছে ৰাজীৱে । তেওঁৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মন্ত্ৰীগৰাকী । সহযোগ কৰিছে কৃষি বিভাগেও । দুবছৰৰ পূৰ্বে বোকাখাত মহকুমা প্ৰশাসনে যুৱ কৃষক ৰূপে গণৰাজ্য দিৱসত সম্বৰ্ধনা জনাই ৰাজীৱ ছেত্ৰীক ।

লগতে পঢ়ক: 300 কোটি টকা ব্যয় সাপেক্ষে ডিফুলৈ নিৰ্মাণ হ’ব নতুন পথ

Last Updated : Feb 6, 2024, 1:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.