ETV Bharat / state

300 কোটি টকা ব্যয় সাপেক্ষে ডিফুলৈ নিৰ্মাণ হ’ব নতুন পথ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:57 AM IST

CM Proposed New Road to Diphu from Kuthari
300 কোটি টকা ব্যয় সাপেক্ষে ডিফুলৈ নিৰ্মাণ হ’ব নতুন পথ

New Road to Diphu from Kuthari : কাৰ্বি আংলং জিলাৰ সদৰ ডিফুলৈ কলিয়াবৰৰ কুঠৰীৰ পৰা নিৰ্মাণ হ'ব পথ ৷ 300 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত নতুন পথটোৰ নিৰ্মাণৰ বিষয়ে শেহতীয়াকৈ এক সংবাদমেলযোগে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই ঘোণাৰ পাচতে কাৰ্বি আংলঙৰ সীমামূৰীয়া বাসিন্দাসকৰ মাজত তথা কুঠৰীতো এক যোগাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

300 কোটি টকা ব্যয় সাপেক্ষে ডিফুলৈ নিৰ্মাণ হ’ব নতুন পথ

কলিয়াবৰ, 6 ফেব্ৰুৱাৰী: কাৰ্বি-আংলং জিলাৰ সদৰ ডিফুলৈ কলিয়াবৰৰ কুঠৰীৰ পৰা নিৰ্মাণ হ’ব পথ ৷ 300 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত নতুন পথটোৰ নিৰ্মাণৰ বিষয়ে শেহতীয়াকৈ এক সংবাদমেলযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই ঘোণাৰ পাচতে কাৰ্বি আংলঙৰ সীমামূৰীয়া বাসিন্দাসকৰ মাজত তথা কুঠৰীতো এক যোগাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কলিয়াবৰৰ পৰা কুঠৰী হৈ ডিফু নগৰলৈ নিৰ্মাণ হ’বলগা নতুন পথটোৱে কুঠৰীৰ কাষৰীয়া ন-জানৰ 37 নং ৰাষ্ট্ৰীয় পথৰ পৰা ৰংমংৱে, ৰঙাপৰা, দমৰৈ, লাংখাং, কালীভেঁটিৰ পৰা ভেলৌঘাটলৈকে সংযোগ কৰিব । তাৰ পিচত ভেলৌঘাটৰ পৰা পাহাৰীয়া পথেৰে গৈ ডকমকাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথৰ লগত সংযুক্ত হ'ব । ইয়াৰ ফলত প্ৰস্তাৱিত দুই লেনযুক্ত পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে 90-100 কি: মি: পথ চমু হ'ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ফলত যাত্ৰীৰ সময় আৰু ধন ৰাহি হ'ব ।

সীমামূৰীয়া কাৰ্বি আংলঙৰ বাসিন্দাসকলে বৰ্তমান যাতায়তৰ বাবে ব্যৱহাৰ কৰা কুঠৰীৰ পৰা নগাঁও হৈ ডিফুলৈ যোৱা পথেৰে প্ৰায় 203 কি: মি: দূৰত্ব হোৱাৰ বিপৰীতে বোকাজান হৈ যোৱা পথটোৰে দূৰত্ব 230 কি: মি:ৰ । এই দুয়োটা পথেৰে ডিফুলৈ যাবলৈ যথেষ্ট কষ্টকৰ আৰু ব্যয়বহুল হোৱাৰ বাবে চুছেনধেণ্টা পৰিষদীয় সমষ্টিৰ লোকসকল ডিফুলৈ বিভিন্ন কামৰ বাবে গৈ এদিনতে ঘূৰি আহিব নোৱাৰে ।

কুঠৰীৰ পৰা ৰংমংৱে, ৰঙাগৰা, দমৰৈ হৈ লাংখাঙলৈকে ইতিমধ্যে এটা পথ আছে যদিও পথটোৰ অৱস্থা উন্নত নহয় । প্ৰধানতঃ অতীজৰে পৰা যাতায়তৰ সমস্যাত ভুগি থকা চুছেনধেণ্টা পৰিষদীয় সমষ্টিৰ লোকসকল এই প্ৰস্তাৱিত পথটো সম্পূৰ্ণ হৈ উঠিলে উপকৃত হ'ব বুলি মত প্ৰকাশ কৰিছে ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুৰুলী বৰাই । এই পথটো নিৰ্মাণৰ লগে লগে পাহাৰীয়া জিলাখনৰ শিক্ষা, চিকিৎসা, যাতায়ত, ব্যৱসায়ৰ ক্ষেত্ৰত বহু পৰিমাণে উন্নত হ’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : কলিয়াবৰত বিদেশী পৰ্যটকৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.