কলিয়াবৰত বিদেশী পৰ্যটকৰ ভিৰ

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 9:22 AM IST

thumbnail

কলিয়াবৰ,১ ফেব্ৰুৱাৰী: ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক এক বিশেষ মাত্ৰা প্ৰদান কৰা মহাবাহু ব্ৰহ্মপুত্ৰ হৈ পৰিছে দেশী-বিদেশী পৰ্যটনৰ সুগম নদীপথ । বুঢ়ালুইতৰ বুকুৱেদি জাহাজৰে আহি কলিয়াবৰৰ শিলঘাটত উপস্থিত হয় বিদেশী পৰ্যটকৰ এটা দল । দেশৰ অন্তৰ্ৱতীকালীন বাজেট উত্থাপন বাবে সংসদৰ বিশেষ অধিৱেশনত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণত উত্তৰ-পূৱ ভাৰতলৈ বিদেশী পৰ্যটকৰ লানি নিছিগা সোঁত বৈছে বুলি উল্লেখ কৰাৰ সময়তে কলিয়াবৰত উপস্থিত হয় ৩১জনীয়া বিদেশী পৰ্যটকৰ দল ।

সুদূৰ ইংলণ্ডৰ পৰা অহা পৰ্যটকৰ দলটো কলিয়াবৰ চাহ বাগিচাত বিহু নাচ চাই হ'ল আত্মহাৰা, চাহ গছ দেখি হ'ল অভিভূত । সমান্তৰালকৈ পুৱাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্প এলেকা পৰিদৰ্শনকালত গঁড়, হাতী, বাঘ দেখিও ৰোমাঞ্চিত বিদেশী পৰ্যটক । একেদৰে বিদেশী পৰ্যটকৰ সন্মুখত বিহু নাচ পৰিৱেশন কৰি বিদেশলৈ অসমৰ সংস্কৃতিৰ ধাৰা বোৱাই নিয়াত অৰিহণা আগবঢ়াই আনন্দিত স্থানীয় শিল্পীসকল । উল্লেখযোগ্য যে, অসম কেবিনেটেও ৰাজ্যৰ পৰ্যটন উদ্যোগৰ উন্নয়নৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে । 

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত পেমা খাণ্ডু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.