ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত পেমা খাণ্ডু

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 8:02 AM IST

8th International Conference: ডিব্ৰুগড়ত অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলন । ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত অনুষ্ঠিত হোৱা উক্ত সন্মিলনত অংশগ্ৰহণ কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে । সন্মিলনত অংশগ্ৰহণ কৰি অৰুণাচল সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ বিষয়ে অৱগত কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

8th International Conference of Centre for ICS in Dibrugarh
অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰেমা খাণ্ডু
অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত পেমা খাণ্ডু

ডিব্ৰুগড়,১ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত ২৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলন । সমগ্ৰ বিশ্বৰ প্ৰাচীন সংস্কৃতিসমূহ ৰক্ষাৰ উদ্দেশ্যে বিশ্বৰ ৩০ খনতকৈ অধিক দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে দেওবাৰৰ পৰা পাঁচদিনীয়াকৈ ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ চৌহদত অনুষ্ঠিত হৈছে এই অনুষ্ঠান । বিশ্বৰ ভিন্ন দেশৰ কলা-কৃষ্টি সভ্যতা উপস্থাপন হ'ব লগা এই অনুষ্ঠানৰ আৰম্ভণিৰ দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ।

ইয়াৰ পাচতেই বুধবাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুসহ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনে । বিশ্বৰ ৩০ খনতকৈ অধিক দেশৰ প্ৰতিনিধিৰ আগত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অৰুণাচল সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ বিষয়ে অৱগত কৰে । পৰৱৰ্তী সন্মিলন অৰুণাচলত অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাই অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে সন্মিলনখনিত অংশগ্ৰহণ কৰি সুখী অনুভৱ কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে খাণ্ডুৱে ।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত আৰম্ভণিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সভ্যতা সংস্কৃতিৰ এক চমু অৱলোকন দাঙি ধৰিছিল । অসমৰ জাতি-জনগোষ্ঠীৰ স্বকীয়তাৰ বিষয়েও অৱগত কৰিছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰতিনিধিসকলক । এই কাৰ্যসূচীৰ পুৰ্বে বিশ্বৰ ৩০ খনতকৈ অধিক দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে ডিব্ৰুগড়ৰ ৰাজপথত সাংস্কৃতিক সমদল বাহিৰ কৰা হৈছিল । অসমৰ বিহু, গায়ন- বায়নৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশৰ সংস্কৃতিৰ সমাহাৰ ঘটে এই অনুষ্ঠানত ।

লগতে পঢ়ক: কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.