অভিনেতা ৰাজীৱ ৰাজনীশৰ পৰলোক, কান্দোনত ভাগি পৰিছে পৰিয়াল

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:02 PM IST

thumbnail

নগাঁও,৬ ফেব্ৰুৱাৰী: অসমবাসীয়ে হেৰুৱালে আন এগৰাকী মৰমৰ অভিনেতাক । শনিবাৰে এক শোকাবহ পথ দুৰ্ঘটনাত পতিত হোৱা অসমৰ উঠি অহা প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনীশে মঙলবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । অভিনেতা ৰাজীৱ ৰাজনীশৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমতে পৰে গভীৰ শোকৰ ছাঁ । অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে শোকত ম্ৰিয়মাণ হৈ পৰে অভিনেতা ৰাজীৱ ৰাজনীশৰ পৰিয়াল । অসমবাসীয়ে আদৰি লোৱা অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক । উল্লেখযোগ্য যে, ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে অভিনয়ৰ জীৱন আৰম্ভ কৰা অভিনেতা ৰাজীৱ ৰাজনীশ এখন অসমীয়া ধাৰাবাহিকৰ জৰিয়তে অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল সমগ্ৰ অসমতে । থিয়েটাৰ সূৰ্যত অভিনেতা যতীন বৰাৰ লগত অভিনয় কৰাৰ উপৰিও আবাহান আদি কেইবাখনো ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিছিল অভিনেতা ৰাজীৱ ৰাজনীশে । শেহতীয়াকৈ যতীন বৰাৰ ৰত্নাকৰ ছবিতো অভিনয় কৰিছিল ৰাজীৱ ৰাজনীশে । পৰিয়ালৰ লোকে জনোৱা মতে কাইলৈ অৰ্থাৎ বুধবাৰে পুৱা ৰাজীৱ ৰাজনীশৰ নশ্বৰ দেহ অনা হ'ব নগাঁৱৰ নিজা বাসগৃহলৈ । বুধবাৰে জন্মস্থান নগাঁৱতে সম্পন্ন হ'ব অভিনেতা ৰাজীৱ ৰাজনীশৰ শেষকৃত্য ।  

লগতে পঢ়ক: জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনীশ আৰু নাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.