ETV Bharat / entertainment

জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনীশ আৰু নাই

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 5:03 PM IST

Rajiv Rajnish death: আজি পুৱা গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা ৰাজীৱ ৰাজনীশে ।

Assamese actor Rajiv Rajnish passed away
ৰাজীৱ ৰাজনীশৰ দেহাৱসান

চিটাৰা ডেস্ক, ৬ ফেব্ৰুৱাৰী : শেহতীয়াকৈ যকৃৎজনিত ৰোগত আক্ৰান্ত হৈ অসমীয়া ছবি জগতৰ দুৰ্দান্ত অভিনেতা জয়ন্ত দাসৰ দেহাৱসান ঘটিছিল ৷ অলেখ গুণমুগ্ধক শোকসাগৰত পেলাই চিৰবিদায় লৈছিল ৰাজু দাই ৷ এতিয়া এই দুখ মাৰ নৌযাওঁতেই অসমীয়া ছবিজগতৰ পৰা আহিছে আন এটা বেয়া খবৰ ৷

অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনীশ গায়ন ওৰফে বাপন আৰু নাই ৷ জানিব পৰা মতে মঙলবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ৷ আজি পুৱা গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে ।

খবৰ অনুসৰি, শনিবাৰে ছয়মাইলত এক দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছিল ৰাজীৱ ৰাজনীশ ৷ ইয়াৰ পিচত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাগৰাকীক আৰু তাতেই তেওঁৰ চিকিৎসা চলি আছিল ৷ কিন্তু জীৱন-মৃত্যুৰে যুঁজি আজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেতাগৰাকীয়ে ৷

উল্লেখ্য যে, বহু জনপ্ৰিয় অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছিল ৰাজনীশে ৷ বিশেষকৈ ‘চান্দমাৰীৰ চান্দনী’ ধাৰাবাহিকখনত অৰ্জুনৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল অভিনেতাগৰাকী ৷ কেৱল ধাৰাবাহিকতে নহয়, বহু ছবিৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰতো নিজৰ উৎকৃষ্ট অভিনয়ৰে অনুৰাগীৰ হৃদয় জয় কৰিছিল অভিনেতাগৰাকীয়ে ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে তেওঁ বিশেষভাৱে জনপ্ৰিয় আছিল খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে ৷ বহু ছবিত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল ৰাজনীশক ৷ শেহতীয়াকৈ তেওঁক দেখা গৈছিল জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ‘ৰাঘৱ’ ছবিখনত ৷ এই ছবিখনতো খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল তেওঁক ৷ কিন্তু দুৰ্ভাগ্যবশতঃ এইখনেই আছিল অভিনেতাগৰাকীৰ শেষৰখন ছবি ৷ ৰাজীৱৰ ঘৰ নগাঁৱৰ কৰৈয়নিত ৷

লগতে পঢ়ক: প্ৰয়াত অভিনেতা জয়ন্ত দাসলৈ শ্ৰদ্ধাঞ্জলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.