গৌৰৱ গগৈৰ হৈ আজিৰে পৰা প্ৰচাৰ ৰাইজৰ দলৰ

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 4:00 PM IST

thumbnail

শিৱসাগৰ, 13 মাৰ্চ: গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া কাৰ্যক আদৰণি জনাইছে অখিল গগৈয়ে ৷  প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ সমস্ত শক্তিৰে ৰাইজৰ দল জপিয়াই পৰাৰো সংকল্প ৷ আজিৰে পৰা গৌৰৱ গগৈৰ হৈ প্ৰচাৰত নমাৰ কথা প্ৰকাশ কৰিলে অখিল গগৈয়ে ৷ আনহাতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিগৰাকী নাগৰিকলৈ অখিল গগৈৰ আহ্বান যে অতি কমেও তিনি লাখ ভোটত গৌৰৱ গগৈক জয়ী কৰোৱাব লাগে ৷

অখিল গগৈয়ে দাবী কৰে যে গৌৰৱ গগৈ দেশৰ ভিতৰতে এজন সক্ৰিয় ৰাজনীতিক । বিপৰীতে তপন কুমাৰ গগৈক দেশৰ আটাইতকৈ নিষ্ক্ৰিয়, নিবুকাচামুন সাংসদ আখ্যা বিধায়ক অখিল গগৈৰ । তাৎপৰ্যপূৰ্ণভাৱে বিজেপি দলৰ কৰ্মীসকলকো গৌৰৱ গগৈৰ পক্ষত থিয় দিয়াৰ বাবে অখিল গগৈয়ে আহ্বান জনায় ।

গৌৰৱ গগৈয়েহে অসমৰ সমস্যাৰ সন্দৰ্ভত সঠিক আৰু সবলভাৱে সদনত উত্থাপন কৰিব বুলি দাবী । ‘কা’বিৰোধী সকলোকে বিজেপিৰ বিপক্ষে থিয় দিয়াৰ আহ্বান জনালে অখিল গগৈয়ে । আনহাতে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিয়াত দুখ প্ৰকাশ কৰে অখিল গগৈয়ে । কংগ্ৰেছক পুনৰ বিবেচনাৰ আহ্বান অখিল গগৈৰ ।

বৰপেটাত চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰক বাট এৰি দিয়াৰ আহ্বান জনায় বিধায়ক গগৈয়ে । বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বুজাবুজিৰে আগবঢ়াৰ আহ্বান জনাই অখিল গগৈয়ে কাৰ্বি আংলঙত জে আই কাথাৰক বিৰোধী ঐক্যমঞ্চৰ হৈ প্ৰাৰ্থিত্ব দিয়াৰ পোষকতা কৰে ।

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইন; দক্ষিণ এছিয়াৰ 3 দেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ এক অৱলোকন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.