জাঁজীত উপ পথ নিৰ্মাণ নকৰিলে কাম বন্ধ কৰাৰ হুংকাৰ ৰাইজৰ - জাঁজীত চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ
🎬 Watch Now: Feature Video


Published : February 3, 2024 at 8:56 AM IST
টীয়ক, ৩ ফেব্ৰুৱাৰী: যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া জাঁজীত চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কামে চিন্তিত কৰি তুলিছে সমগ্ৰ জাঁজীৰ নৈপৰীয়া ৰাইজক । কিয়নো চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ ফলত জাঁজী দলঙৰ দাঁতিৰ দুয়োকাষে অৱস্থিত বিশখন গাঁৱৰ ৰাইজৰ ৰাষ্ট্ৰীয় ঘাই পথৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ।
ইপিনে,পথ সম্প্ৰসাৰণৰ বাবে দেখা দিয়া সমস্যাৰ কথা ইতিমধ্যে ৰাইজে জিলা আয়ুক্তক অৱগত কৰাৰ পাচতো এই পৰ্যন্ত কোনো সদুত্তৰ পোৱা নাই । ৰাইজৰ পথ সম্প্ৰসাৰণত কোনো আপত্তি নাই যদিও উক্ত অঞ্চলটোৰ ৰাইজক ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগৰ বাবে দুয়োকাষে দুটাকৈ উপ পথ নিৰ্মাণ কৰি দিলেই তেওঁলোকৰ সমস্যা সমাধান হ'ব বুলি কয় ।
কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানৰ সৈতে ৰাইজে আলোচনা কৰাত সেই ব্যৱস্থা প্ৰাককলনত নথকা বাবে কৰিব পৰা নাযাব বুলি অৱগত কৰাত অঞ্চলটোৰ দুই শতাধিক ৰাইজ কালি ওলাই আহি এই জলন্ত সমস্যাটো অনতি পলমে দূৰ কৰিবলৈ দাবী জনাইছে উৰ্ধতম কৰ্তৃপক্ষক । ৰাইজে অন্যথা কাম বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।
লগতে পঢ়ক : গুৰুজনাৰ সৃষ্টিৰ দিশটোক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰৰ কৰাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ