জনজাতিকৰণৰ দাবীত জাঁজীত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 5:49 PM IST

thumbnail

আমগুৰি,৫ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত পুনৰ মূৰ দাঙি উঠিছে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগ । অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিয়া বিষয়টোক লৈ পুনৰ জনগোষ্ঠীয় সংগঠনসমূহ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে । টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত জাঁজীত প্ৰতিবাদ । জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে টাইপাৰ নেতা-কৰ্মীয়ে । 

টাইপাৰ শিৱসাগৰ, নাজিৰা, তিতাবৰ মহকুমা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আহোম জনগোষ্ঠীক জনজাতি কৰক, চৰকাৰৰ প্ৰৱঞ্চনা নচলিব, চৰকাৰৰ প্ৰতাৰণা নচলিব আদি বিজেপি বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠনটোৰ প্ৰায় অৰ্ধশতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । ছয় জনগোষ্ঠীৰ জনজাতিকৰণত চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰনাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । পূৰ্বৰ আৰু বৰ্তমানৰ চৰকাৰে প্ৰবঞ্চনাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰখাৰ অংগীকাৰ টাইপাৰ বিষববীয়াৰ ।

লগতে পঢ়ক: সাংবাদিক মনোজ গোস্বামী ঘৰৰ সন্মুখৰ পৰা টাই আহোম যুৱ পৰিষদৰ সকিয়নী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.