ETV Bharat / state

সাংবাদিক মনোজ গোস্বামী ঘৰৰ সন্মুখৰ পৰা টাই আহোম যুৱ পৰিষদৰ সকিয়নী

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 10:54 PM IST

Ahom community controversy
টাইপাৰ প্ৰতিবাদ

Manoj Goswami controversy post : সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে মহানগৰীত টাই আহোম যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদ ৷ মনোজ কুমাৰ গোস্বামীক দালাল আখ্যা টাই আহোম যুৱ পৰিষদৰ । অচিৰেই সাংবাদিক মনোজ কুমাৰ গোস্বামীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনালে সংগঠনটোৱে ।

টাইপাৰ প্ৰতিবাদ

গুৱাহাটী ৩ মাৰ্চ: আহোম জাতিৰ উপৰিপুৰুষ তথা বংশকূলক তুচ্চ-তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন কৰি জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত ৰাখিছে টাই আহোম যুৱ পৰিষদে । আজি মহানগৰীৰ খানাপাৰাৰ কইনাধৰা জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বাসগৃহৰ সন্মুখত টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম মহিলা পৰিষদে দেওবাৰে দিনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মনোজ গোস্বামীৰ প্ৰতিকৃতি খানাপাৰা উৰণীয়া সেতুৰ পৰা চোঁচৰাই আনি তেওঁৰ বাসগৃহৰ সন্মুখত তেওঁৰ প্ৰতিকৃতিত টাই আহোম মহিলা পৰিষদৰ সদস্যাসকলে দাহ কৰে ।

প্ৰতিবাদকাৰীসকলে "মনোজ গোস্বামী হায় হায়","মনোজ গোস্বামী হুছিয়াৰ","মনোজ গোস্বামী সাৱধান" আদি শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ মনোজ গোস্বামীৰ ঘৰ ঘেৰাও কৰাৰ উদ্দেশ্যে যেতিয়া প্ৰতিবাদকাৰীসকল আগবাঢ়ে তেতিয়া আৰক্ষী প্ৰশাসনে পৰিষদৰ সদস্য সকলক বাধা প্ৰদান কৰে । টাইপাৰ কেন্দ্ৰীয় মুখপাত্ৰ গুণকান্ত গগৈয়ে আৰক্ষী প্ৰশাসনক এই সন্দৰ্ভত প্ৰশ্ন কৰে যে টাই আহোম যুৱ পৰিষদে আৰু টাই আহোম ছাত্ৰ সন্থাই মনোজ গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ ৩ দিন পিছতো তেওঁক আজি পৰ্যন্ত কি কাৰণত গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ তেওঁক কি কাৰণত অসম চৰকাৰে ৰক্ষণাবেক্ষণ প্ৰদান কৰি আছে বুলিও তেওঁ প্ৰশ্ন কৰে ৷ অসমৰ দুই জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টিৰ বাবে প্ৰয়াস কৰা দালালৰ ঘৰৰ সন্মুখত কি কাৰণে শ শ আৰক্ষী মোতায়ন কৰিছে বুলিও তেওঁ প্ৰশ্ন কৰে ।

মুখপাত্ৰ গৰাকীয়ে গোস্বামীক ২৪ ঘণ্টাৰ ভিতৰত নিজৰ ভুল স্বীকাৰ কৰি অসমৰ ৰাইজৰ আগত ক্ষমা খুজিবলৈ দাবী জনায় । অন্যথা যদি তেওঁ ক’ৰবাত কেনেবাকৈ অপদস্ত হ'বলগীয়া হয় তাৰ বাবে কিন্তু টাই আহোমৰ দল সংগঠন জগৰীয়া নহয় বুলি সকিয়াই দিয়ে ৷ ইপিনে, মহিলা পৰিষদৰ উপদেষ্টা ৰেখা বৰগোঁহাই কয় যে স্বৰ্গদেউসকলে বৃহত্তৰ অসমীয়া জাতি গঢ়িবৰ বাবে নিজৰ ভাষা ধৰ্মক এৰি দিলে । আজি সেইসকলক নৃসংশ অত্যাচাৰী সজালে ৷ কি সাহসত মনোজ গোস্বামীয়ে আজি পৰ্যন্ত নিজৰ সামাজিক মাধ্যমৰ প'ষ্টটো উঠাই লোৱা নাই বুলিও তেওঁ প্ৰশ্ন কৰে ।

লগতে পঢ়ক:সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ পুত্তলিকা ফাঁচী কাঠত ওলোমাই প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.