বাঘবৰৰ শিশু হত্যাৰ ঘটনাক লৈ উত্তাল মন্দিয়া

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:29 PM IST

thumbnail

বৰপেটা, ৩০ জানুৱাৰী: বৰপেটা জিলাৰ বাঘবৰৰ মৌৰীগাঁৱৰ শিশু হত্যাৰ ঘটনাক লৈ আজি উত্তাল হৈ পৰে মন্দিয়া । মন্দিয়া বজাৰৰ মাজেৰে স্থানীয় ৰাইজ আৰু শিক্ষৰ্থীয়ে সমদল কৰি ছয় বছৰীয়া শিশু হত্যাত অভিযুক্তৰ ফাঁচীৰ দাবীত বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্য়স্ত কৰে  ৷ কোনো কাৰণতে যাতে শিশু হত্যাত অভিযুক্ত সাৰি যাব নোৱাৰে তাৰবাবে উচিত তদন্তৰ দাবী জনায় ৰাইজে ৷ লক্ষ্য়ণীয়ভাৱে শিশুটোৰ হত্যাৰ অভিযোগত বৰপেটা আৰক্ষীৰ জালত পৰিছে এটি কিশোৰ ৷

ইপিনে, কি পৰিস্থিতিত শিশুটো হত্যাৰ বলি হ'ল সেই সম্পৰ্কে এইপৰ্যন্ত মুখ খোলা নাই আৰক্ষী প্ৰশাসনে ৷ উল্লেখ্য যে বৰপেটাৰ মন্দিয়াৰ সমীপৰ মৌৰীগাঁৱৰ তাৰিফ উদ্দিন ওৰফে টিপু নামৰ লোকজনৰ ঘৰৰ চোতালত সোমবাৰে উদ্ধাৰ হৈছিল শিশুৰ মৃতদেহ । বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ থকা শিশুটোৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ । তাৰিফ উদ্দিনৰ ঘৰৰ চোতালত বস্তাৰ ভিতৰত শিশুটোৰ মৃতদেহ উদ্ধাৰৰ পিচতে বৰপেটাৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে তাৰিফ উদ্দিনসহ পৰিয়ালৰ সদস্যক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰে অনুসন্ধান ।  

অবশেষত তাৰিফ উদ্দিনৰ কিশোৰ পুত্ৰই এই হত্যাৰ ঘটনাৰ সৈতে জড়িত থকা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে  ৷ ইপিনে, এই ঘটনাৰ সৈতে বাঘবৰৰ বিধায়কৰ সম্পৰ্কীয় কোনো লোক জড়িত বুলি ৰাজহুৱা অভিযোগ উত্থাপনৰ সময়তে সাংবাদিকক বাইট দি থকা অৱস্থাত একাংশ লোকে বাধা প্ৰদানক লৈয়ো বাক বিতণ্ডাৰ সৃষ্টি হয় ৷ ঘটনাটোৰ তদন্তৰ ক্ষেত্ৰত যাতে ৰাজনৈতিক হস্তক্ষেপ নহয় সেই বিষয়ে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে ৷

লগতে পঢ়ক:ডুমডুমাত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা দেওৰেকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.